বৰদুৱাৰ বাগানত কমৰেড্ সত্যনাথ ৰাভাৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান 

Pic

নুৰুল ইছলাম,চানডুবি:

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য পোৱা প্ৰত্যেক গৰাকী লোকেই বৈষম্যহীন এখন সমাজৰ সপোন দেখিছিল ৷ এই বক্তব্য বিশিষ্ট লোকসংস্কৃতিৰ গৱেষক ভুবিন ৰাভাৰ ৷ কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ বৰদুৱাৰ বাগানৰ হাতীবান্ধাত ২৪ জানুৱাৰীত আয়োজিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগ্ৰামী সতীৰ্থ সদ্য প্ৰয়াত সত্যনাথ ৰাভাৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকি কমৰেড্ ৰাভাৰ স্মৃতি সৌধ উদ্বোধন কৰি সাহিত্যিক ৰাভাই বিষ্ণুপ্ৰসাদ ৰাভা সমন্বয়ৰ সূত্ৰধাৰ আছিল বুলি কয় ৷ তদুপৰি,কলাগুৰুৰ জীৱন দৰ্শনৰ উপৰি সত্যনাথ ৰাভাৰ সংগ্ৰামী সত্ত্বা আৰু জীৱন আদৰ্শৰ বিষয়ে ব্যাখ্যা আগবঢ়াই সাহিত্যিক ৰাভাই ৷ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও স্থানীয় ৰাভা জাতীয় সংগঠন , বগেজাৰী প্ৰগতিশীল সাহিত্য চক্ৰৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত আয়োজিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বিৰাজ ৰাভা ৷ আনহাতে ,শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটিৰ স’তে সংগতি ৰাখি কমৰেড্ ৰাভাৰ ভতিজা দেৱজিত নাফাৰ সম্পাদনাৰে প্ৰকাশ কৰি উলিওৱা এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰি বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বিৰাজ ৰাভাই নিজ ভাষণত পিতৃ বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন দৰ্শনৰ আলোকপাত কৰাৰ উপৰি গণনেতা সত্যনাথ ৰাভাৰ স্মৃতি যুগমীয়া কৰাৰ হেতু স্থাপন কৰা স্মৃতি সৌধটোৰ জৰিয়তে নেতাগৰাকীক ৰাইজে সদায় অন্তৰৰ মাজত জীয়াই ৰাখিব বুলি কয় ৷ আনকি,এখন সমৃদ্ধিশালী সমাজৰ হেতু মানৱ সম্পদ গঢ়াৰ বাবে সকলোৱে সম্প্ৰতি চিন্তা কৰাৰ সময় বুলিও দোহাৰে কলাগুৰুৰ সুযোগ্য পুত্ৰ ৰাভাই।ইফালে,আৰছু নেতা সুভাষ চিনালে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে মৌন প্ৰাৰ্থনা কৰা হয়।অৰুণ দিয়াই বন্তি প্ৰজ্বলন কৰাৰ লগতে স্মৃতি সৌধত মাল্যাৰ্পণ কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ চানডুবি পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য নৃপেন চন্দ্ৰ ৰাভাই ৷ তদুপৰি,কমৰেড্ ৰাভাৰ বাসগৃহত দিনযোৰা কাৰ্যসূচীৰে আয়োজিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটিত প্ৰয়াত সত্যনাথ ৰাভাৰ ভাতৃ ৰাজেন চন্দ্ৰ ৰাভাকে ধৰি পৰিয়ালবৰ্গ উপস্থিত থাকি ৰাভাৰ স্মৃতি ৰোমন্থন কৰে ৷

Your Comments