অসম আৰক্ষীৰ ১৩ জন শীৰ্ষ- কনিষ্ঠ বিষয়ালৈ গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় সন্মান

Pic

কোকৰাঝাৰৰ উপ-আৰক্ষী মহাপৰিদৰ্শক ভায়লেট বৰুৱালৈ ২০২১ চনৰ গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতিৰ বিশেষ সেৱা বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে । ইয়াৰোপৰি, ১৩ জন আৰক্ষী বিষয়াক প্ৰদান কৰা হ’ব ৰাষ্ট্ৰপতিৰ বিশেষ পাৰদৰ্শিতাৰ বঁটা ।

বঁটা প্ৰাপকসকল নাম- মুছলেহ উদ্দীন আহমেদ, 22 এপি (আইআৰ) বেটেলিয়নৰ কমাণ্ডেণ্ট, ধেমাজি, অমৃত ভূঞা, আৰক্ষী অধীক্ষক, দৰং; দেৱাশীষ শৰ্মা, অধ্যক্ষ. আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়,দেৰগাওঁ, গোলাঘাট; সুশান্ত বিশ্ব শৰ্মা, আৰক্ষী অধীক্ষক, গোৱালপাৰা; দীপক বৰা, আৰক্ষী অধীক্ষক, গোলাঘাট; ইমান উদ্দীন চৌধুৰী, উপ আৰক্ষী অধীক্ষক , কাছাৰ; ডিম্ব ৰাম টেৰাং, উপ আৰক্ষী উপ-পৰিদৰ্শক, গুৱাহাটী; নিৰঞ্জন দাস, সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক, কাছাৰ; আনোৱাৰ হুছেইন বৰভূঞা, নায়ক , কাছাৰ; পংকজ মহন্ত, কনিষ্টবল, গুৱাহাটী; জীতেন্দ্ৰ কুমাৰ সিং যাদৱ, কনিষ্টৱল, গুৱাহাটী; হেমেন দাস, কনিষ্টৱল, গুৱাহাটী; অনিল ৰাজৱংশী, কনিষ্টবল, কোকৰাঝাৰ ৷

Your Comments