গুৱাহাটী ক্লাবৰ ৰ'টাৰীত দেওবাৰে উৰিল ক'লা পতাকা

Pic

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ ৰাজপথত উৰিল ক'লা পতাকা।মহানগৰীৰ ৰ'টাৰী ক্লাবৰ ৰাজপথত দেওবাৰে পুৱা ভাগত উত্তোলন কৰা হ'ল ক'লা পতাকা।

বিতৰ্কিত কৃষি আইন,নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে ই.আই.এ প্ৰত্যাহাৰ আৰু অসম চুক্তি আখৰে আখৰে পালন কৰাৰ দাবীত দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি ক'লা পতাকা উত্তোলন আৰু কা'ৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। ইফালে,গুৱাহাটী ক্লাব ৰ'টাৰীত বিভিন্ন সময়ত আৰক্ষীয়ে গিজ- গিজাই থকাৰ পিছতো আৰক্ষীৰ চকুত ধূলি দি প্ৰতিবাদকাৰীয়ে উত্তোলন কৰিলে বহুসংখ্যক ক'লা পতাকা।

উল্লেখ যে দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নলবাৰী-কোকৰাঝাৰত দুখনকৈ জনসভাত অংশগ্ৰহণ কৰিছিল।

Your Comments