সত্যৰঞ্জন মুছলমান বিদ্বেষী নহয়:মুছলমানে গো-মাংস নাখালে কিবা হ'ব নেকি!-ইকবাল হুছেইন,'আমছু'ৰ নৱ-নিৰ্বাচিত সভাপতি

Pic

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন।পূৰ্বৰ ৰেজাউল কৰিম চৰকাৰ নেতৃত্বাধীন কেন্দ্ৰীয় সমিতি ভংগ কৰি শনিবাৰে গঠন হ'ল আমছু নতুন কেন্দ্ৰীয় সমিতি গুৱাহাটীত অভিৱৰ্তনৰ জড়িয়তে ইকবাল হুছেইনক আমছুৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে।সভাপতি নিৰ্বাচিত হৈ ইকবালে ৰেজাউল কৰিম নেতৃত্বাধীন আমছুৰ বিৰুদ্ধে উত্থাপন কৰে বিস্ফোৰক অভিযোগ।কেৱল ধৰ্মীয় সংখ্যালঘুৰ দুই-এটা সমস্যা বাদে অন্য কোনো সমস্যাত মাত নামাতে, ডি ভোটাৰ,এনআৰচিতে তেওঁলোক সীমাবদ্ধ-ইকবালে কয়।গাদী আৰু টিকটৰ লালসাত আমছু নেতৃত্বই কংগ্ৰেছ-এআইইউদিএফৰ তৈলমৰ্দন কৰা বুলিও লগতে তেওঁ কয়।

ৰেজাউল কৰিম নেতৃত্বাধীন আমছুৰ কাৰ্যকাল যোৱা বছৰ মাৰ্চ মাহত উকলি গৈছিল।তেওঁলোকে নতুন কমিটী গঠন কৰা কথা আছিল।কিন্তু নিজৰ আসনখন খামুচি ৰাখি ছিণ্ডিকেট ব্যৱস্থাৰে আমছু চলাই আছিল।উল্লেখ যে ৰেজাউল কৰিম নেতৃত্বাধীন কমিটীক ন্যায়ালয়ে যোৱা ১০ ছেপ্টেম্বৰত অবৈধ ঘোষণা কৰা বুলিও নৱ-নিৰ্বাচিত সভাপতিগৰাকীয়ে কয়। সমস্যাত জৰ্জৰিত অসমী আই মাতৃৰ হৈ মাত মাতিবলৈ নতুন কেন্দ্ৰীয় কমিটী গঠন কৰা বুলি উল্লেখ কৰি ইকবালে কয়- ৰেজাউল কৰিম চৰকাৰ আৰু আজিজুৰ ৰহমানে নিৰ্বাচন খেলিব বিচাৰি আছে।তাৰ বাবে কেতিয়াবা কংগ্ৰেছৰ লগত আৰু কেতিয়াবা এআইইউডিএফ লগত মিতিৰালি।যি দলে টিকট দিব সেই দলৰ পৰাই নিৰ্বাচন খেলিবআৰু যদি টিকট নাপাই তেন্তে পুনৰ আমছুত সোমাই ছিণ্ডিকেট চলাই যাব বিচাৰিছে।

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ আন্দোলনৰ প্ৰতি সমৰ্থন থকা বুলি উল্লেখ কৰি ইকবালে কয়- "কোৰাণৰ ক'তো নাই গো-মাংস খাব লাগে বুলি।হিন্দুসকলে গৰুক পূজা কৰে,গতিকে তেওঁলোকৰ ওপৰত আঘাত হৈ আছে।আঘাত হোৱা কাম আমি নকৰিলেই হ'ল।ধৰ্মীয় সংখ্যালঘুৱে গো-মাংস নাখালে কিবা ক্ষতি হ'ব নেকি?"

"সত্যৰঞ্জন মুছলমান বিদ্বেষী নহয়।তেওঁক বুজাব লাগে ইছলাম তেওঁৰ কোৱাৰ দৰে জাতি নহয়।ইছলামে শান্তি বিচাৰে।অন্যথা তেওঁৰ বিৰুদ্ধে কথা কৈ থাকিলে হিংসা বাঢ়ি যাব"- ইকবালে লগতে কয়।

Your Comments