২৭ জানুৱাৰীৰ পৰা ৰাজ্যত ধাৰাবাহিক চকা বন্ধ,জানক মটৰ শ্ৰমিক সন্থাৰ বন্ধ কেতিয়া কেতিয়া

Pic

“মটৰ শ্ৰমিক সংগঠনৰ”যৌথ মঞ্চৰ প্ৰতিবাদ ! অহা ২৭ জানুৱাৰীত মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই চকা বন্ধৰ আহ্বান জনাইছে। চৰকাৰে সংগঠনটোৰ দাবী মানি নোলোৱাৰ প্ৰতিবাদত চকা বন্ধৰ কাৰ্যসূচী হাতত বুলি জানিব পৰা গৈছে ।

ইফালে চৰকাৰে সংগঠনটোৰ দাবী মানি নল’লে বিধানসভা অধিৱেশনৰ দ্বিতীয় আৰু তৃতীয় দিনা ৪৮ ঘণ্টীয়া চকা বন্ধ আহ্বান জনোৱাৰ কথা কৈছে সংগঠনটোৱে ৷ অসংগঠিত খণ্ডৰপৰা অহা ৮ৰ পৰা ৯ লাখ চালক-কৰ্মচাৰীক চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে লকডাউনৰ ফলত কৰ্মহীন হৈ পৰা শ্ৰমিকসকলক সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চৰ তৰফৰপৰা ৷

তেওঁলোকৰ প্ৰধান দাবীসমূহৰ ভিতৰত আছে-"যানবাহন কৰ ৰেহাই,বহিঃৰাজ্যলৈ যোৱাৰ ক্ষেত্ৰত থকা বাধা আঁতৰ কৰা ইত্যাদি।"

Your Comments