জালুকবাৰী সমষ্টিৰ বংশৰ আৰু শুৱালকুছিত কা’ বাতিলৰ দাবী:প্ৰতিলিপি দাহ 'আছু'ৰ

Pic

মৃণাল ডেকা,শুৱালকুছি,২৪ জানুৱাৰী:

'নাগৰিকত্ব সংশোধনী আইন-২০১৯' চমুকৈ কা’ বাতিলৰ দাবীত উত্তাল সমগ্ৰ ৰাজ্য । আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ অন্য প্ৰান্তৰৰ লগতে অসমৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ বংশৰ আৰু শুৱালকুছিতো দেশৰ গৃহমন্ত্ৰীৰ আগমনত ক'লা দিৱস হিচাপে পালন কৰি জাতিধ্বংসী আইন কা’ৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে ৷ 'আছু' নেতা দিপাংকৰ শৰ্মাৰ নেতৃত্বত শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাই শুৱালকুছি মহাবিদ্যালয় আছু গোটৰ সহযোগত বস্ত্ৰনগৰী শুৱালকুছিৰ বজাৰ চ’কত প্ৰধান মন্ত্ৰী হুছিয়াৰ , অমিত শ্বাহ হুছিয়াৰ , অসম চৰকাৰ হুছিয়াৰ, হিমন্ত বিশ্ব মুৰ্দাবাদ , কা’ আমি নামানো , কা বাতিল হ'বই লাগিব আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে কা’ৰ প্ৰতিলিপি দাহ কৰি বস্ত্ৰ নগৰী শুৱালকুছিৰ ৰাজপথ কপাই তোলে ৷ Pic শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দিপাংকৰ শৰ্মাই কয় যে কা’ অসমৰ মানুহে সৰ্বত্মকভাৱে বৰ্জন কৰিছে ,কা’ অসমৰ মানুহে কেতিয়াও গ্ৰহণ নকৰে বুলি কোৱাৰ লগতে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ সমালোচনা কৰে ৷ লগতে তেওঁ চৰকাৰে গণতান্ত্ৰিক আন্দোলনক গুৰুত্ব নিদি কা’ বলবৎ কৰাত তীব্ৰ গৰিহণা দিয়াৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিল নোহোৱা পৰ্যন্ত আছুই গণতান্ত্ৰিক আন্দোলন চলাই যাব বুলি মন্তব্য কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিংকুমণি দাস , সাধাৰণ সম্পাদক চিৰঞ্জীৱ দাস,শুৱালকুছি মহাবিদ্যালয়ৰ আছু গোটৰ উপদেষ্টা সৌৰভ দাস , নয়ন বৈশ্য , মৃণাল কলিতা আদি ছাত্ৰ নেতা উপস্থিত থাকে।

Pic

আনহাতে,২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাইও সভাপতি মনোৰঞ্জন দাস,উপদেষ্টা তপন বৈশ্যৰ নেতৃত্বত বংশৰত কা’ৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ কাৰ্য্যসূচীত উপস্থিত থাকে আছু নেতা বিকাংক দাস , ধ্ৰুৱজ্যোতি দাস,সমাজকৰ্মী আলাউদ্দিন আহমেদ আদি কৰি আছু সদস্যসকল।

Your Comments