মৰণফান্দ হৈছে ঘগ্ৰাপাৰ হাইৱে চ'ক:উৰণীয়া সেতু নিৰ্মাণৰ বাবে দল-সংগঠনৰ দাবী

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

যি সময়ত ৰাজ‍্য চৰকাৰে বিভিন্ন স্থানত এখনৰ পিছত এখন উৰণীয়া সেতু নিৰ্মাণ কৰি পথচাৰী লোকৰ অসুবিধা দূৰ কৰাৰ প্ৰচেষ্টা হাতত লৈছে,ঠিক সেই সময়তে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী (ঘগ্ৰাপাৰ হাইৱে)চ'কতো বৰ্তমান মৰণফান্দলৈ পৰ্যবসিত হৈছে।দীৰ্ঘদিন ধৰি ঘগ্ৰাপাৰ হাইৱে চ'কত এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে স্থানীয় দল-সংগঠন তথা ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰি আহিছে যদিও মুঠেও সুফল পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে। উল্লেখ‍্য যে পথছোৱা 'পুঞ্জলয়ড'' নামৰ কোম্পানীটোৱে নিৰ্মাণৰ দায়িত্ব লাভ কৰে যদিও সুদীৰ্ঘ সময়ছোৱাৰ ভিতৰত এই পথছোৱাৰ কাম সম্পূৰ্ণ হৈ নুঠিল বুলি ৰাইজ তথা দল-সংগঠনে অভিযোগ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত বিগত কেইবছৰত পথছোৱাত শতাধিক দুৰ্ঘটনা সংঘটিত হোৱাই নহয় ,বহুতো লোকৰ প্ৰাণহানিও হোৱাত বহু পৰিয়ালৰ জীৱনলৈ ঘোৰ অনামিয়া নামি আহিছে।এই পথছোৱাৰে ঘগ্ৰাপাৰ হাইৱে চ'কৰ সংযোগস্থলীৰে যাতায়াত কৰাটো দুৰ্বিষহ হৈ পৰিছে।পথছোৱাৰ ঘগ্ৰাপাৰ হাইৱে চ'কৰ উত্তৰে ঘগ্ৰাপাৰ-তামুলপুৰ পথৰে ভূটান দেশলৈ যাব পাৰি।ইফালে,দক্ষিণ ফালে ঘগ্ৰাপাৰ ষ্টেচনলৈ যোৱা এক ব‍্যস্ত পথ। লগতে পশ্চিম দিশত ঘগ্ৰাপাৰ থানা,ৰাজহ চক্ৰ কাৰ্য্যালয়, ঘগ্ৰাপাৰ প্ৰাথমিক স্থাস্থ‍্য কেন্দ্ৰ,পশু চিকিৎসালয় আদিৰ উপৰিও ঘগ্ৰাপাৰ চ'কত দুয়োটাকৈ বেংক,ডাকঘৰ, আদি অনুষ্ঠান -প্ৰতিষ্ঠানত নিতৌ ৰাইজে অহা-যোৱা কৰে।উক্ত পথছোৱাৰে ঘগ্ৰাপাৰ হাইৱে চ'কৰ সংযোগস্থলীৰে যাতায়ত কৰাটো দুৰ্বিষহ হৈ পৰিছে যদিও উৰ্ধতন কৃৰ্তপক্ষ তথা স্থানীয় প্ৰশাসনে চ'কটোত সঘনে সংঘটিত দুৰ্ঘটনা ৰোধৰ বাবে বিশেষ পদক্ষেপ লোৱাটো দূৰৰ কথা ঘগ্ৰাপাৰ হাইৱে চ'কৰ দুয়োকাষত থকা অৱৈধভাৱে গঢ়ি উঠা দোকান,বেদখল,পাৰ্কিং,আদি কিহৰ ৰহস্যত আজি পৰ্য্যন্ত আঁতৰ কৰিবলৈ সক্ষম হোৱা নাই। তাকলৈও বিভিন্ন মহলত চৰ্চিত হৈছে।

চ'কটোত এটা যানবাহন আৰক্ষী আছে যদিও তেওঁলোকৰ কৰ্মচাৰী কম হোৱাত কৰ্তব্য পালনত কেতিয়াবা কেতিয়াবা ভাগৰুৱা হৈ পৰে।তদুপৰি বেলি ডুব যোৱাৰ পাছত এই চ'কটো মৰণফান্দত পৰিণত হয়।

আনহাতে, দ্ৰুতবেগী যাত্ৰীবাহী বাছসমূহৰ দৌৰাত্ম‍্যই পথচাৰী ৰাইজৰ লগতে বিশেষ ঘগ্ৰাপাৰ হাইৱে চ'কৰে প্ৰতিদিনে ইপাৰ-সিপাৰ হোৱা বিভিন্নখন কলেজ,স্কুলৰ ছাত্র-ছাত্ৰী,বিভিন্ন কাৰ্য্যালয়ৰ কৰ্মচাৰী,ৰোগী, ডাকঘৰ আৰু বেংকসমুহৰ গ্ৰাহক আদি প্ৰতিটো ক্ষণতে আতংকিত কৰি তুলি আহিছে।

সেয়েহে বৃহত্তৰ ঘগ্ৰাপাৰ বজাৰ সমিতি,ঘগ্ৰাপাৰ আঞ্চলিক, হিন্দু জাগৰণ মঞ্চ,ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা,যুৱ ছাত্ৰ পৰিষদ,বড়িগোগ বনভাগ ব্লক কংগ্ৰেছ কমিটীকে ধৰি আদি দল -সংগঠনে ঘগ্ৰাপাৰ হাইৱে চ'কত এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে চৰকাৰ তথা নলবাৰী সমষ্টিৰ বিধায়ক আৰু নলবাৰী জিলা উপায়ুক্তক দাবী জনাইছে।

Your Comments