টেট উৰ্ত্তীণৰ চৰকাৰলৈ কাতৰ আহ্বান 'হয় আমাক নিযুক্তি দিয়ক, নহয় গুলীয়াই মাৰক'

Pic
মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদত বহিল অসম প্ৰাথমিক ২০১৯ৰ টেট উৰ্ত্তীণ নিবনুৱা।গুৱাহাটীৰ চচলত প্ৰচণ্ড শীতক নেওচি প্ৰাপ্য বিচাৰি দুদিন সাব্যস্ত কৰিলে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী। "আমাৰ অৰ্হতা থকাৰ পিছতো সভাই-সমিতিয়ে শিক্ষক নিযুক্তিৰ দম্ভালি মাৰি ফুৰা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক বঞ্চনা কৰিছে"- এইদৰে কয় প্ৰতিবাদকাৰীসকলে। মন্ত্ৰী শৰ্মাৰ দক্ষতাক প্ৰত্যাহ্বান জনাই টেট উৰ্ত্তীণসকলে কয়-"যদি তেওঁ সচাকৈ দক্ষ,তেন্তে আমাক নিযুক্তি দি দেখুৱাওক।বহুসংখ্যক টেট উৰ্ত্তীণৰ চাকৰিৰ বাবে বয়স শেষ হোৱাৰ উপক্ৰম হৈছে‌।" উল্লেখ যে ৰাজ্যত প্ৰায় ১৫ হাজাৰ টেট উৰ্ত্তীণ নিযুক্তি বঞ্চিত প্ৰাৰ্থী থকা বুলি জানিবলৈ দিয়ে তেওঁলোকে। চৰকাৰক কাতৰ আহ্বান জনাই তেওঁলোকে কয়-"হয় আমাক নিযুক্তি দিয়ক,নহয় গুলীয়াই মাৰক।" প্ৰতিবাদৰ অন্তত তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰকপত্ৰ দিছপুৰ আৰক্ষীৰ জড়িয়তে প্ৰেৰণ কৰে অসম চৰকাৰ আৰু শিক্ষা বিভাগলৈ। প্ৰতিবাদত উপস্থিত থাকে অসম প্ৰাথমিক টেট উৰ্ত্তীণ সমাজৰ সম্পাদক আকিব আলী,ৰেকিবুল ইছলাম(উপ-সভাপতি)প্ৰমুখ্যে প্ৰায় শতাধিক টেট উৰ্ত্তীণ চাকৰি বঞ্চিত প্ৰাৰ্থী।

Your Comments