আমিনগাঁৱত 'ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ-২০২১'ৰ শুভাৰম্ভণি

Pic

*পথ সুৰক্ষাৰ নীতি-নিয়ম মানি চলিবলৈ আহ্বান সাংসদ কুইন ওজাৰ*

কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত ২১ জানুৱাৰীত 'ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ-২০২১'ৰ কামৰূপ জিলাত উদ্বোধন কৰা হয়।কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখৰ মুকলি স্থানত অনুষ্ঠিত হয় 'ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ-২০২১'উদ্বোধনী অনুষ্ঠান।অনুষ্ঠানৰ উদ্বোধনী ভাষণত কামৰূপ জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাই পথ সুৰক্ষাৰ নীতি-নিয়ম মানি চলাটো অতি জৰুৰী বুলি উল্লেখ কৰে।কলিতাই চলিত বৰ্ষৰ পথ সুৰক্ষাৰ বাণী 'পথ সুৰক্ষা-জীৱন ৰক্ষা'ৰ বিষয়ে উনুকিয়ায়।অনুষ্ঠানৰ মুখ্য অতিথি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই ভাষণ প্ৰসংগত পথ সুৰক্ষাৰ নীতি-নিয়মসমূহ মানি চলিলে অমূল্য মানৱ জীৱন ৰক্ষা পৰিব বুলি কয়।অপৈনত বয়সতে সন্তানক মটৰ বাইক উপহাৰ দিয়াটোৰ ক্ষেত্ৰত পিতৃ-মাতৃক ভাবি চাবলৈ তেওঁ আহ্বান জনায়।অনুষ্ঠানত ভাষণ প্ৰদান কৰি আইআইটি,গুৱাহাটীৰ অধ্যাপক ডঃএ কে মৌৰ্যই পথ দুৰ্ঘটনাত আহত লোকক ততালিকে হাস্পতাললৈ নিয়াৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকে সচেতনতাৰে তৎপৰ ভূমিকা পালন কৰাটো অত্যন্ত জৰুৰী বুলি মন্তব্য কৰে।এনে ভূমিকা দুৰ্ঘটনাগ্ৰস্তৰ প্ৰাণ ৰক্ষাৰ বাবে অতি দৰকাৰ বুলি তেওঁ কয়।অনুষ্ঠানত পথ সুৰক্ষা সন্দৰ্ভত ভাষণ প্ৰদান কৰে কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়,জিলা উন্নয়ন বিষয়া নৰসিং বে' আৰু পথ সুৰক্ষা বিষয়া কল্যাণ দত্তই।

Pic

ৰাইজৰ ফালৰ পৰা ভাষণ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক মধুসূদন মেধীয়ে।তেওঁ পথ সুৰক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।অনুষ্ঠানত ডঃ অৰৱিন্দ দাস আৰু ট্ৰেফিক আৰক্ষী কল্যাণ দত্তক পথ সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা পালন কৰাৰ বাবে বিশেষ বঁটাৰে সন্মানিত কৰা হয়।

Pic

অনুষ্ঠানৰ শেষত সাংসদ কুইন ওজাই সভাস্থলীৰ উপস্থিত মহিলাসকলক লগত লৈ এখন বিশেষ গুলপীয়া বাছত উঠি আমিনগাঁৱৰ পৰা কামৰূপৰ কমলপুৰলৈ এটা পথ সুৰক্ষা সজাগতামূলক ভ্ৰমণত অংশগ্ৰহণ কৰে।পথ সুৰক্ষাৰ সন্দৰ্ভত সচেতনতা বৃদ্ধি কৰিবলৈ এটা মটৰ বাইক ৰেলীও উলিওৱা হয়।ৰেলীত যথেষ্টসংখ্যক যুৱকে অংশগ্ৰহণ কৰে।

Your Comments