চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে ধন উৎকোচ লোৱাৰ অভিযোগত অনুসন্ধানকাৰী সংস্থাটোৰেই বিষয়াসহ তিনিজনক

Pic

নতুন দিল্লীত চিবিআইয়ে বেংকৰ ধনৰ কেলেংকাৰীৰ এটা ঘটনাৰ সন্দৰ্ভত অনুসন্ধান চলাই ৫৫ লাখ টকা উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিলে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৰেই ডিএছপি আৰ কে ঋষিৰ লগতে ইন্সপেক্টৰ কপিল ধনকড় আৰু অধিবক্তা মনোহৰ মলিকক।

জানিব পৰা অনুসৰি,বেংকৰ ধনৰ কেলেংকাৰীৰ গোচৰত অভিযুক্ত এগৰাকী লোকক ৰক্ষণাবেক্ষণ দিবলৈ ৫৫ লাখ টকা উৎকোচ লৈছিল এইগৰাকী ডিএছপিয়ে।

আনহাতে,যোৱা সপ্তাহত গাজিয়াবাদত চিবিআই একাডেমীত কৰ্মৰত এগৰাকী বিষয়াৰ বিৰূদ্ধে এখন এজাহাৰৰ ভিত্তিত বিষয়াগৰাকী জড়িত স্থানবোৰত অনুসন্ধান অভিযান চলোৱা হৈছিল।

Your Comments