নলবাৰীত 'সাঁকো' উন্মোচন কৰিলে বাইণ্ডাৰ বজ্ৰ কলিতাই

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

দিনে-নিশাই ছপাশালত ব্যস্ত থাকি সাধাৰণভাৱে পৰিয়াল পোহপাল দি থকা এগৰাকী বাইণ্ডাৰ শিল্পীয়ে ১৮ জানুৱাৰীৰ নিশা নলবাৰীত উন্মোচন কৰিলে জনপ্ৰিয় প্ৰগতিশীল কাব্যলোচনী 'সাঁকো'ৰ সপ্তম সংখ্যা।প্ৰতিষ্ঠিত কবি শান্তনু শৰ্মাৰ সম্পাদনাত প্ৰকাশ হৈ থকা সাঁকোৰ সপ্তম সংখ্যাটো ১৮ জানুৱাৰীৰ নিশালৈ কাম কৰি বৰ কষ্টেৰে উলিয়াই দিয়ে বজ্ৰদা খ্যাত নলবাৰীৰ বাইণ্ডাৰজনে।এই উন্মোচনী কার্যসূচীত সহযোগ কৰে সাঁকোৰ সম্পাদক শান্তনু শৰ্মা আৰু কবি-সাংবাদিক মনোজ শৰ্মাই।ছপাবন্ধাৰ কুশলী শিল্পী বজ্ৰ কলিতা।

বজ্ৰদাৰ হাতেৰে এই সংখ্যাৰ সাঁকো 'অনামিকা' নামৰ কিতাপৰ দোকানখনত সোমবাৰৰ নিশা উন্মোচন কৰা বিষয়টোৱে নলবাৰীৰ বৌদ্ধিক জগতত ব্যাপক চৰ্চা লাভ কৰিছে।

Your Comments