বৰদুৱাৰ বাগানত বিষ্ণু ৰাভাৰ সতীৰ্থ সত্যনাথ ৰাভা-সমাজকৰ্মী চুলেমান হুছেইনৰ স্মৃতিচাৰণ অনুষ্ঠান:স্মৃতি পুস্তিকা উন্মোচন

Pic

নুৰুল ইছলাম,চানডুবি:

কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানত ১৭ জানুৱাৰীত বিষ্ণু ৰাভাৰ সংগ্ৰামী সতীৰ্থ সদ্যপ্ৰয়াত সত্যনাথ ৰাভা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী চুলেমান হুছেইনৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।'সমন্বয় সুৰক্ষা মঞ্চ'ৰ উদ্যোগত নতুন চিমিনা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত আজি শিল্পী দিৱসৰ পৱিত্ৰ দিনটোতে অনুষ্ঠিত স্মৃতিচাৰণ সভাৰ কাৰ্যসূচী অনুসৰি পুৱা শিক্ষক ধীৰাজ ৰাভাই স্মৃতি তৰ্পণ কৰাৰ উপৰি সুৰক্ষা মঞ্চৰ বিষয়ববীয়াসকলে পুস্পাঞ্জলী প্ৰদান কৰে।আনহাতে,মঞ্চৰ বিষয়ববীয়া চাহজাহান আলী আৰু ৰাজু আলীয়ে আঁত ধৰা সভাখনৰ আৰম্ভণিতে বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে মৌন প্ৰাৰ্থনা কৰা হয় ৷ তদুপৰি বিশিষ্ট সাহিত্যিক ভূবিন ৰাভাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত মঞ্চৰ বিষয়ববীয়া নুৰুল ইছলামে আদৰণি ভাষণ আগবঢ়ায়।

Pic

ইফালে,পৱিত্ৰ স্মৃতিচাৰণ অনুষ্ঠানৰ স’তে সংগতি ৰাখি পৰমেশ্বৰ কলিতাৰ সম্পাদনাৰে প্ৰকাশ কৰি উলিওৱা পুস্তিকা 'নক্ষত্ৰ' উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ দেৱজিৎ নাফাই ৷ তেওঁৰ উন্মোচনী ভাষণত কয় যে সদ্যপ্ৰয়াত ৰাভা আৰু হুছেইন সমাজৰ আদিগংগা আছিল।তদুপৰি মানৱপ্ৰেমৰ জৰিয়তে দুয়োগৰাকীয়ে সমাজৰ উত্তৰণৰ হেতু জীৱন সংগ্ৰাম আগুৱাই লৈ গৈছিল ৷ সভাখনত চানডুবি পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য নৃপেন চন্দ্ৰ ৰাভা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সত্যনাথ ৰাভা আৰু চুলেমান হুছেইনৰ সামাজিক অৱদানসমূহৰ বিষয়ে সাৱলীল ব্যাখ্যা আগবঢ়ায় ৷ প্ৰয়াত ৰাভা আৰু হুছেইনৰ পৰিয়ালৰ লোক;বিশিষ্ট সমাজকৰ্মী বিতাৰাম দাস,ৰমেন কুমাৰ দাস,খলিল আলীৰ উপৰি গাম্ভীৰ্যপূৰ্ণ স্মৃতিচাৰণ সভাখনত স্থানীয় ৰাইজৰ মুৰব্বী উপস্থিত থাকে।লগতে বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি কমলেশ্বৰ ৰাভা,বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সম্পাদক মাণিক ওৰাঙকে ধৰি বিভিন্ন দল-সংগঠনৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷

Your Comments