নলবাৰী মেডিকেল কলেজৰ নিৰ্মাণ-কাৰ্য পৰিদৰ্শন মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ

Pic

*২০২২ চনৰ প্ৰথম ভাগত সম্পূৰ্ণ মেডিকেল কলেজ আৰম্ভ*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৭ জানুৱাৰীঃ

নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ দক্ষিণগাঁওস্থিত নলবাৰী মেডিকেল কলেজৰ নিৰ্মীয়মাণ কাম ৰাজ‍্য চৰকাৰৰ মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আজি আকস্মিকভাৱে পৰিভ্ৰমণ কৰি মেডিকেল কলেজখনৰ অগ্ৰগতিৰ বুজ লয়।

পৰিভ্ৰমণ কালত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক কয় যে নলবাৰী মেডিকেল কলেজৰ নিৰ্মাণ-কাৰ্য বৰ্তমানৰ অগ্ৰগতি ৫৫% হোৱাৰ বিপৰীতে ১৬৭ কোটি টকা খৰছ পৰিছে। লগতে মন্ত্ৰী শৰ্মাই ২০২১ চনৰ ডিচেম্বৰ মাহত বহিঃবিভাগ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰাৰ উপৰিও ২০২২ চনৰ প্ৰথম ভাগত সম্পূৰ্ণ মেডিকেল কলেজ মুকলি হ'ব বুলি সদৰি কৰে।লগতে মন্ত্ৰীগৰাকীয়ে ইয়াকো কয় যে ২০২২ চনৰ অক্টোবৰ -নৱেম্বৰত Mcir নিমন্ত্ৰণ জনোৱাৰ পিছত ২০২৩ চনত প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব বুলি ঘোষণা কৰে।

Pic

ইফালে,মন্ত্ৰীগৰাকীয়ে ক'ৰ'না ভেকচিন যি যেনেকৈ পায়,সেই ঠাইতে ল'বলৈ আহ্বান জনায়। মন্ত্ৰীৰ আজিৰ এই পৰিভ্ৰমণ কালত সংগ দিয়ে সাংসদ দিলীপ শইকীয়া,মন্ত্ৰী ভৱেশ কলিতা,নলবাৰীৰ বিধায়ক অশোক শৰ্মা,ৰাজ‍্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱা আৰু গৌতম কষ্ট্ৰাচনৰ বিষয়ববীসকলে।মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে অহা ২৪ জানুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে নলবাৰীত অংশগ্ৰহণ কৰিব লগীয়া বিজয় সংকল্প ৰেলীৰ প্ৰস্তুতিৰ বুজ লয়।

Your Comments