বঙাইগাঁও জিলাত আৰম্ভ হ'ল ক'ভিড-১৯ৰ টীকাকৰণ অভিযান

Pic

*দুটা কেন্দ্ৰৰ জড়িয়তে দুশগৰাকী চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক প্ৰদান কৰা হ'ল প্ৰতিষেধক*

#বঙাইগাঁৱৰ প্ৰতিবেদক:

অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ১৬ জানুৱাৰীৰ পৰা দেশৰ আন প্ৰান্তৰ লগতে ৰাজ্যখনৰ বঙাইগাঁও জিলাতো আৰম্ভ হ'ল ক'ভিড- ১৯ প্ৰতিষেধক প্ৰদানৰ প্ৰথম পালি টীকাকৰণ অভিযান৷ বিশ্বৰ সৰ্ববৃহৎ ক'ভিড প্ৰতিষেধক প্ৰদান অভিযানত জিলাখনৰ দুটা কেন্দ্ৰ ক্ৰমে বঙাইগাঁও অসামৰিক চিকিৎসালয় আৰু মাণিকপুৰ আদৰ্শ হাস্পতালত এশগৰাকীকৈ মুঠ দুশগৰাকী চিকিৎসক তথা চিকিৎসাকৰ্মীক 'ক'ভিশ্বিল্ড' নামৰ ক'ৰোনাৰ প্ৰথমলানি টীকা প্ৰদান কৰা হয় ৷

এই উপলক্ষে বঙাইগাঁও অসামৰিক চিকিৎসালয় কেন্দ্ৰত জিলা উপায়ুক্ত ডাঃএম এছ লক্ষীপ্ৰিয়াৰ উপস্থিতিত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ অলি ৰায় চক্ৰৱৰ্তীয়ে প্ৰথম প্ৰতিষেধক গ্ৰহণ কৰে ৷ এই টীকাকৰণ কাৰ্যসূচীত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ নীলমাধৱ দাস , জিলাখনৰ উন্নয়ন আয়ুক্তৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া,চিকিৎসালয়খনৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে ৷ উল্লেখ্য যে প্ৰতিষেধক প্ৰদানৰ বাবে গ্ৰহণ কৰিবলগীয়া সকলো ব্যৱস্থা চিকিৎসালয়খনত গঢ়ি তোলা হৈছে ৷

ইফালে,টীকা লোৱাৰ পিচত অসামৰিক চিকিৎসালয়খনৰ অধীক্ষক ডাঃ অলি ৰায় চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমৰ আগত কয়  - মোৰ খুব ভাল লগাৰ লগতে নিজকে গৰ্বিত অনুভৱ কৰিছো ৷ কাৰণ এই টীকাক লৈ যিমান ভয়- ভীতি তথা উৰাবাতৰি ওলাইছিল সেইবোৰৰ উৰ্ধত গৈ মই জিলাখনৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে টীকা ল'ব পাৰি ভাল লাগিছে ৷ তেওঁ লগতে কয় যে চিকিৎসালয়খনৰ বাকী চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলেও এই প্ৰতিষেধক লোৱাৰ কাৰণে উদগ্ৰীৱ হৈ আছে ৷ চিকিৎসালয়খনৰ অধীক্ষকগৰাকীয়ে এই ক'ভিড প্ৰতিষেধক ল'বলৈ ৰাইজক আহ্বান জনাই কয় যে মানুহে বিপদ হোৱাৰ বাবে প্ৰতিষেধক নলয় ৷ বৰং বিপদৰ পৰা সাৰিবলৈহে প্ৰতিষেধক লয় ৷ অৰ্থাৎ ক'ভিড ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণেহে এই প্ৰতিষেধক ৷ গতিকে আমি লৈছোঁঁ ৷ প্ৰতিষেধক লোৱাৰ ক্ষেত্ৰত কোনো শংকাৰ কাৰণ নাই বুলিও কয় ৷ আনহাতে,জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই কয় যে টীকাকৰণ অভিযানৰ বাবে যিখিনি প্ৰস্তুতি ল'ব লাগে,সেয়া ইতিমধ্যে আগতীয়াকৈ আখৰা কৰা হৈছিল আৰু সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।সেই অনুসৰি জিলাখনৰ দুটা কেন্দ্ৰত এই টীকাকৰণ অভিযান অনুষ্ঠিত হয় ৷

Pic

সেইদৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাসে জানিবলৈ দিয়া মতে জিলাখনৰ বঙাইগাঁও অসামৰিক চিকিৎসালয় আৰু মাণিকপুৰ আদৰ্শ হাস্পতাল কেন্দ্ৰ দুটাৰ জৰিয়তে মুঠ দুশগৰাকী চিকিৎসাকৰ্মীক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ এই টীকাকৰণত চিকিৎসক ,নাৰ্চ, চাফাইকৰ্মী , লেবৰেটৰী টেকনিচিয়ান, ৱাৰ্ড বয় আদিকে ধৰি স্বাস্থ্যকৰ্মীসকলক প্ৰথম পৰ্যায়ত সাঙুৰি লোৱা হয় ৷ টীকাকৰণ প্ৰক্ৰিয়াটো সফলভাৱে সমাপন কৰাৰ বাবে টীকাকৰণ কেন্দ্ৰত তিনি ধৰণৰ কক্ষ (অপেক্ষা কৰা কক্ষ, প্ৰতিষেধক গ্ৰহণ কৰা কক্ষ আৰু পৰ্যবেক্ষণ কক্ষ)ৰ লগতে যদি টীকা লোৱাৰ পিচত কোনোবা ব্যক্তিক কিবা চিকিৎসা প্ৰদান কৰিবলগীয়া হয় তাৰ বাবেও প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা সাজু কৰি ৰখা হয় বুলি জনায় ৷

উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে শুভাৰম্ভ কৰা ক'ভিডৰ টীকাকৰণ অভিযানৰ অনুষ্ঠান প্ৰদৰ্শনৰ ব্যৱস্থাও চিকিৎসালয়খনত কৰা হয় ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে টীকাকৰণ অভিযানৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিচতে চিকিৎসালয়খনতো টীকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷

ক'ৰোনা মহামাৰীৰ বাবে জনসাধাৰণে আতংকৰ মাজত দিন অতিবাহিত কৰি অহাৰ সময়তে সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হোৱাত সকলোৰে মনত আশাৰ সঞ্চাৰ হৈছে ৷

 

Your Comments