কোন এই মনীষ কুমাৰ,নাম থাকি গ'ল যাৰ...

Pic

দেশৰ ক'ৰ'না কালৰ ইতিহাসত স্মৰণীয় হ'ল এই ব্যক্তি জনৰ নাম।তেওঁ দিল্লীৰ এজন স্বাস্থ্যকৰ্মী।মনীষ কুমাৰ তেওঁৰ নাম।মনীষ কুমাৰৰ নাম আজি ১৬ জানুৱাৰীৰ দিনটোত এই কাৰণেই চৰ্চালৈ আহিল যে তেওঁ চিহ্নিত হ'ল ক'ৰ'না ভেকচিন লোৱা দেশৰ প্ৰথমগৰাকী স্বাস্থ্য কৰ্মী হিচাপে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰা টীকাকৰণ অভিযানত মনীষ কুমাৰে ভেকচিন লোৱাৰ পিছতে ভেকচিন লয় এইমছৰ অধ্যক্ষ ডাঃ ৰণদীপ গুলেৰীয়াই।

বৰ্তমান দেশৰ ৩০০৬ টা কেন্দ্ৰত টীকাকৰণ অভিযান চলোৱা হৈছে।১৬ জানুৱাৰীত ৩ লাখ লোকক টীকাকৰণ কৰা হয়।

*আলোকচিত্ৰত মধ্য প্ৰদেশৰ জব্বলপুৰৰ টীকাকৰণৰ দৃশ্য।

Your Comments