সংখ্যালঘু এলেকাত ক্ৰমাৎ শক্তিশালী হৈছে ৰাইজৰ দলৰ ভেঁটি

Pic

কৃষক নেতা অখিল গগৈৰ নেতৃত্বত প্ৰাণ পোৱা নতুন আঞ্চলিকতাবাদী দল “ৰাইজৰ দলে” কঁপাই তুলিছে AIUDF আৰু কংগ্ৰেছৰ মচনদ।কাৰণ প্ৰথমে কংগ্ৰেছ বিৰোধী সংখ্যলঘুৱে AIUDFকে পছন্দ কৰিছিল যদিও পিছৰ পৰ্যায়ত কংগ্ৰেছৰ সৈতে AIUDFৰ মিত্ৰতা নিশ্চিত হোৱাৰ লগে লগে কংগ্ৰেছ বিৰোধী শক্তিয়ে ৰাইজৰ দলকে প্ৰথম পছন্দ হিচাপে গ্ৰহণ কৰিবলৈ ল’লে ৷

বিশেষকৈ যোৱা সময়ছোৱাত সংখ্যালঘু জনসাধাৰণৰ মাজত অখিল গগৈৰ জনপ্ৰিয়তা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। বিশেষকৈ কাজিৰঙাৰ উচ্ছেদৰ সময়ত অখিল গগৈয়ে কাজিৰঙাৰ সংখ্যালঘু ৰাইজৰ পক্ষত থিয় হৈ ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ পিছৰেপৰা অখিল গগৈৰ জনপ্ৰিয়তা সংখ্যালঘু ৰাইজৰ মাজত দুগুণে বৃদ্ধি পালে৷

ইফালে,নগাঁও, মৰিগাওঁ আৰু হোজাই জিলাৰ সংখ্যালঘু বসতিপ্ৰধান এলেকাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভেটি যথেষ্ট পৰিমাণে গজগজীয়া হোৱা পৰিলক্ষিত হৈছে ৷ “কা” বিৰোধী আন্দোলনতো অখিল গগৈৰ বলিষ্ঠ ভূমিকা প্ৰত্যক্ষ কৰি কা বিৰোধী অসমীয়া ৰাইজৰ লগতে সংখ্যালঘু জনসাধাৰণো আকৰ্ষিত হৈছিল।

অৱশ্যে সংখ্যালঘু জনতাৰ এই সমৰ্থনক ইভিএমত ধৰি ৰখাৰ ক্ষেত্ৰত ৰাইজৰ দল কিমানদূৰ সফল হয়, সেয়া নিৰ্বাচনী ফলাফলৰ শেষতহে পোহৰলৈ আহিব।

Your Comments