দক্ষিণ কামৰূপৰ বৰ তেজপুৰত বাছ দুৰ্ঘটনা,নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়ালে আলট্ৰা বাছে,আহত ৩৫জন

Pic

পুনৰ সংঘটিত হৈছে দক্ষিণ কামৰূপৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ দুৰ্ঘটনা । দক্ষিণ কামৰূপৰ বৰ তেজপুৰৰ NRL তেল ডিপোৰ সন্মুখত সংঘটিত হয় ভয়ানক পথ দুৰ্ঘটনা।

গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী তীব্রবেগী  AS-01, EC-9020 নম্বৰ আলট্ৰা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ বৃহৎ আকাৰৰ কৃষ্ণচূড়া গছ এজোপাত খুন্দা মাৰে। যাৰ ফলত চালকসহ বাছখনত থকা প্ৰায় ৩৫জন যাত্ৰী গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। আহত আটাইকে পলাশবাৰী আৰক্ষী আৰু বিজয়নগৰ আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বাতৰি লিখাৰ পৰলৈকে কোনো যাত্ৰী নিহত হোৱাৰ খবৰ লাভ কৰা নাই ৷

Your Comments