আদৰ্শ জাতীয় বিদ্যালয়,গন্ধমৌত প্ৰাক্ ভোগালী বিহু উদযাপন

Pic

মৃণাল ডেকা,শুৱালকুছি,১৩ জানুৱাৰী :

কোৰোণাসৃষ্ট পৰিৱেশৰ মাজতে হেঁঁপাহৰ ভোগালী বিহু আহি পদুলিমুখ পাইছেহি ৷ চৌদিশে উদুলি- মুদুলি পৰিৱেশ,তাৰ মাজতেই আদৰ্শ জাতীয় বিদ্যালয়, গন্ধমৌত আজি ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰাক ভোগালী বিহু উদযাপন কৰে ৷ বিহুৰ সময়ছোৱাত বিদ্যালয় বন্ধ থাকিবৰ বাবে বন্ধৰ আগে আগে ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ ভোগালী বিহুৰ সৈতে অঙ্গাঙ্গী সম্পৰ্ক থকা মেজি প্ৰজ্বলন আৰু কণীযুঁঁজৰ জ্ঞান দিয়াৰ অৰ্থেই এই অনুষ্ঠানটি আয়োজন কৰা বুলি অধ্যক্ষ কনক দাসে উল্লেখ কৰে ৷ সেই উদ্দেশ্যৰে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা বয়োজ্যেষ্ঠ কবীন দাসে মেজি প্ৰজ্বলন কৰাৰ লগতে কণীযুঁঁজ খেলৰো উদ্বোধন কৰে ৷ উদ্বোধন কৰি কয় যে গ্ৰাম্য সমাজত প্ৰচলিত,বিশেষকৈ মাঘ বিহু বা ব’হাগ বিহুত প্ৰচলিত অসমীয়া সমাজৰ পৰম্পৰাগত বহু খেল-ধেমালি,ৰীতি-নীতি হেৰাই যাবলৈ ধৰিছে।বহু খেল-ধেমালি নতুন প্ৰজন্মই খেলা দূৰৰ কথা, শুনিবলৈ নোপোৱা হৈছে।বছৰটোৰ ভিতৰত কৃষিজীৱী অসমীয়া আৰু বিভিন্ন জনগোষ্ঠীৰ সমাজলৈ সুখ-শান্তি কঢ়িয়াই অনা মাহটো মাঘ বিহু বুলি মন্তব্য কৰাৰ লগতে আদৰ্শ জাতীয় বিদ্যালয়,গন্ধমৌৰ এনেধৰণৰ পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে।

Pic

আনহাতে,বিদ্যালয় তথা অধ্যক্ষৰ এনে পদক্ষেপে অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক সম্যক জ্ঞান দিয়াত অভিভাৱক তথা সচেতন মহলে বিদ্যালয়খনৰ শলাগ লয়।

Your Comments