দিছপুৰ প্ৰেছ ক্লাবত মাঘ বিহুৰ বিশাল আয়োজন:মঙলবাৰে 'ভোগালীক আদৰণি,গীতে-মাতে এসন্ধিয়া'

Pic

অসমীয়া হেঁপাহৰ মাঘ বিহুলৈ মাজত আৰু এটা দিন বাকী।সমগ্ৰ ৰাজ্যবাসী এতিয়া ব্যস্ত ভোগৰ উৎসৱ ভোগালীক আদৰাত।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাবতো আয়োজন কৰা হৈছে ভোগালীৰ। দিছপুৰ প্ৰেছ ক্লাবৰ বাকৰিত আয়োজন কৰা মাঘবিহুৰ প্ৰাক সন্ধিয়া মঙলবাৰে 'ভোগালীক আদৰণি,গীতে-মাতে এসন্ধিয়া' শীৰ্ষক সাংস্কৃতিক কাৰ্যসূচী পালন কৰা হ'ব।

আবেলি ৫ বজাৰ পৰা আৰম্ভ হ'ব লগা অনুষ্ঠানত উপস্থিত থাকিব বহুসংখ্যক কণ্ঠশিল্পী,অভিনেতা- অভিনেত্ৰীৰ লগতে সন্মানীয় ব্যক্তিসকল।মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰি দিছপুৰ প্ৰেছ ক্লাবৰ বাকৰিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ-মেজি।

Your Comments