বিৰোধী দলপতিৰ পদমৰ্যাদা হেৰুৱালে দেৱব্রত শইকীয়াই

Saikia

অসম বিধানসভাত বিৰোধী দলপতিৰ পদমৰ্যাদা হেৰুৱালে দেৱব্রত শইকীয়াই।বিধানসভা অধ্যক্ষই ৰাজপত্ৰৰ জৰিয়তে আনুষ্ঠানিকভাৱে অপসাৰণ কৰিলে শইকীয়াক।উল্লেখ যে অসম বিধানসভা পোন প্ৰথমবাৰৰ বাবে দেখা গ'ল বিৰোধী দলপতিবিহীন।

অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালাই বিজেপিত যোগদান কৰাৰ পিছতে বিৰোধী দলপতিৰ বাবে প্ৰয়োজনীয় সংখ্যা হেৰুৱালে কংগ্ৰেছ দলে।

পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অধ্যক্ষই জাৰি কৰিলে এই নিৰ্দেশনা।

গুৰুত্বপূৰ্ণ যে বিৰোধী দলপতিৰ বিষয়বাব হেৰুৱাৰ বাবে কেবিনেট মৰ্যাদা নিৰাপত্তা ব্যৱস্থা শইকীয়াই হেৰুৱাব লগা হ'ল।

Your Comments