হাজোত অসম জাতীয় পৰিষদৰ বিশাল যোগদান সমাৰোহ:লুৰীণজ্যোতি গগৈক বিপুল আদৰণি

Pic

হাজোৰ বিশেষ প্ৰতিবেদক:

হাজোত ৩ জানুৱাৰীত অসম জাতীয় পৰিষদৰ বিশাল যোগদান সমাৰোহ অনুষ্ঠিত হয়।এই সমাৰোহত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকাৰ লগতে কেন্দ্ৰীয় নেতৃত্বই । অসম প্ৰদেশ কংগ্ৰেছৰ সদ্যপদত্যাগী নেতা দুলু আহমেদৰ নেতৃত্বতত হাজোৰ হাজাৰ-হাজাৰ কংগ্ৰেছ নেতা-কৰ্মীয়ে এই যোগদান সমাৰোহত উপস্থিত থাকি অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে।

দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ হাজোত প্ৰৱেশ কৰাৰ লগে-লগে হাজোৰ চেঁচামুখৰ পৰা সভাস্থলীলৈ এটা বিশাল বাইক ৰেলীৰে আদৰি আনে দুলু আহমেদৰ সমৰ্থকসকলে। জাতি -মাটি ভেটি সুৰক্ষিত কৰাই প্ৰধানত: নিৰ্বাচনী ইছু হব দলটোৰ। কা' আইনখন কোনো কাৰনতে অসমত বলবৎ হ'বলৈ দিয়া নহ'ব বুলি দৃঢ়তাৰে কয় লুৰীনজ্যোতি গগৈয়ে ।

কংগ্ৰেছৰ মছলা ৰাজনীতি প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় কোনো কাৰনতে তৰল ৰাজনীতিক গুৰুত্ব নিদিয়ে দলটোৱে। হাজোত হাজোবাসীয়ে দেখুওৱা অভূতপূৰ্ব সঁহাৰিয়ে আগন্তুক নিৰ্বাচনত যে হাজো অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ দখলত যাব,সেইটো নিশ্চিত বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে।

Your Comments