পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখন !

Pic

উত্তৰ ভাৰতৰ ৰাজ্যসমূহত বৃদ্ধি পাবলৈ ধৰিছে শীতৰ প্ৰকোপ। জম্মু–কাশ্মীৰ, হিমাচল প্ৰদেশ, লাদাখৰ দৰে অঞ্চলসমূহত হৈছে যথেষ্ট তুষাৰপাত। এই ঠাইসমূহৰ দৃশ্য দেখাৰ পিছত আপোনাৰ জানিবলৈ মন নাযাব নে যে পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখনৰ লোকসকলে এই শীতত কেনেদৰে দিন পাৰ কৰিছে ? জনবসতি থকা পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখন হৈছে উত্তৰ পূব ৰাছিয়াৰ চাইবেৰিয়াৰ “অইমিয়াকন” নামৰ গাঁওখন। এন্টাৰ্কটিকাৰ বাহিৰত থকা এই ঠাইখনেই পৃথিৱীৰ সবাতোকৈ শীতল ঠাইৰূপে গণ্য কৰা হয়, য’ত শীতকালত গড় উষ্ণতা হৈছে মাইনাছ ৫০° চেলছিয়াছ । অইমিয়াকনৰ আন এটা নাম "দ্য প'ল অব ক'ল্ড"৷ ৰাছিয়াৰ অইমিয়াকনস্কি জিলাত অৱস্থিত অইমিয়াকন  (Oymyakon) হৈছে এখন সৰু গাঁও। ১৯২৪ চনত ৰেকৰ্ড কৰামতে অইমিয়াকনৰ তাপমাত্ৰা মাইনাছ ৭১.২° চেলছিয়াছলৈকে নামিছিল। এই ঠাইত বসবাস কৰা লোকসকলৰ যিকোনো মুহূৰ্ততে ফ্ৰষ্ট্‌বাইট হোৱাৰ আশংকা থাকে। ইয়াৰ শিশুসকলক ঠাণ্ডাৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশিক্ষণো দিয়া হয়। মাইনাছ ৫০° চেলছিয়াছ উষ্ণতাত ইয়াৰ শিশুসকলে বিদ্যালয়ত অধ্যয়ন কৰে। অৱশ্যে ইয়াতকৈ নিম্ন তাপমাত্ৰা হ’লে বিদ্যালয় বন্ধ কৰি দিয়া হয়। ইয়াত ডিচেম্বৰ মাহত পুৱা প্ৰায় ১০ বজাত সূৰ্যোদয় হয়। অইমিয়াকনৰ লোকসকলে শীতৰ প্ৰকোপত গাড়ীৰ বেটাৰীবোৰ বৰফ হৈ যোৱাৰ আশংকাত তেওঁলোকৰ গাড়ীবোৰৰ ইঞ্জিন বন্ধ নকৰে। শীতকালত ঠাণ্ডাৰ বতৰত ইয়াত কোনো খেতি কৰিব পৰা নাযায় বাবে অঞ্চলটোৰ আৱাসীসকলে খাদ্যৰ হিচাপে মাংস আৰু মাছ গ্ৰহণ কৰে। ইয়াত এখন স্কুল, এটা ডাকঘৰ, বেংক আৰু বিমান অৱতৰণৰ বাবে এটা ৰানৱে আছে। শীতকালত এই গাঁওখনৰ সকলোবোৰ বস্তুৱেই বৰফেৰে ঢাক খাই পৰে। বজাৰত বিক্ৰীৰ বাবে থোৱা সামগ্ৰীসমূহ বৰফ হৈ থাকে। ভাৰতৰ পৰা আজিলৈকে মাত্ৰ কেইজনমান পৰ্যটকহে পৃথিৱীৰ এই আটাইতকৈ শীতল গাঁওখনৰ অভিজ্ঞতা ল’বলৈ গৈছে। ইয়ালৈ যোৱা পৰ্যটকসকলক স্থানীয় প্ৰশাসনে এখন মানপত্ৰও প্ৰদান কৰে ৷

Your Comments