কৰ'নাৰ ভেকচিন লোৱাৰ পিছতো হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰী কোভিড আক্ৰান্ত

Anil Vij

কৰ’নাৰ ভেক্‌চিন ক’ভাক্সিনৰ ট্ৰায়েল চলি থকাৰ মাজতে হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰী অনিল ভিজেই পৰীক্ষামূলকভাৱে লৈছিল কৰ’নাৰ ভেক্‌চিন ৷ কিন্তু সকলোকে আচৰিত কৰি এতিয়া তেওঁৰ দেহত ধৰা পৰিছে কৰ’না ভাইৰাছ ৷ অৰ্থাৎ ক’ভাক্সিন লোৱাৰ পাছতো ৰক্ষা নপৰিল মন্ত্ৰীগৰাকী ৷ 

Anil Vij

পিছৰ পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে টুইট কৰি কয় - মোৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰিছে আৰু মই বৰ্তমান আমবালাৰ চিভিল হস্পিতেলত ভৰ্তি হৈছোঁ। মোৰ সংস্পৰ্শলৈ অহা সকলো লোকে পৰীক্ষা কৰাওক ৷

Anil Vij

ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্চৰ সহযোগত ভাৰত বায়’টেকে প্ৰস্তুত কৰা কৰ’নাৰ ভেক্‌চিন মন্ত্ৰীগৰাকীক যোৱা ২০ নৱেম্বৰত তৃতীয়টো পৰীক্ষণত দিয়া হৈছিল ৷ তাৰ পাছতো খোদ স্বাস্থ্যমন্ত্ৰীৰ দেহত ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ ঘটনাটোৱে সম্প্ৰতি সকলোকে চিন্তাত পেলাইছে ৷

Your Comments