প্ৰাচীন ইজিপ্তৰ চিকিৎসা পদ্ধতি আৰু পাওৰুটি

Egypt

বহু হাজাৰ বছৰ আগতে ইজিপ্তত বহু সংখ্যক ৰোগীক কেৱল পুৰণি পাওৰুটি খুৱাই চিকিৎসা কৰা হৈছিল ৷ কিন্তু ইয়াৰ কাৰণ কোনেও বুজি পোৱা নাছিল ৷
 
১৯২৮ চন অৰ্থাৎ প্ৰায় ৫০০০ বছৰ পিছতহে মানুহে বুজিবলৈ সক্ষম হৈছিল এই চিকিৎসা পদ্ধতিৰ কাৰণ ৷ মহান বিজ্ঞানী আলেকজেণ্ডাৰ ফ্লেমিঙে আৱিষ্কাৰ কৰি উলিয়ালে যে পেনিচিলিনে বেক্টেৰিয়া মাৰিবলৈ এণ্টিবায়টিক হিচাপে কাম কৰে ৷ কিন্তু পেনিচিলিন আৰু পুৰণি পাওৰুটিৰ মাজত কি সম্পৰ্ক?

Egypt

যেতিয়া পাওৰুটি পচিবলৈ আৰম্ভ কৰে ই পেনিচিলিয়াম নামৰ এবিধ ফাংগাচ নিঃসৰণ কৰে ৷ এই পেনিচিলিয়ামৰপৰাই হয় পেনিচিলিন ৷ পেনিচিলিন হ’ল বিশ্বৰ এবিধ বিখ্যাত এণ্টিবায়টিক যাক বহু ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু আচৰিত ধৰণেৰে ইজিপ্তৰ চিকিৎসক সকলে ৫০০০ বছৰৰ আগতেই এই বিষয়ে জানিছিল ৷

Your Comments