কেন্দ্ৰীয় কেবিনেটত অনুমোদন নতুন শিক্ষানীতি

নতুন শিক্ষানীতি

কেন্দ্ৰীয় কেবিনেটত অনুমোদন লাভ কৰিছে নতুন শিক্ষানীতিয়ে ৷ এই শিক্ষানীতি কাৰ্যকৰী হ’লে দেশত আমুল পৰিবৰ্তন হ’ব শিক্ষা ব্যৱস্থাৰ ৷ এই শিক্ষানীতিৰ যোগেদি উচ্চ শিক্ষা পৰিচালনা সংস্থা এটাই হ’ব ৷ ইয়াৰোপৰি এম.ফিল. ডিগ্ৰীৰ বিলুপ্তি, দেশৰ সকলো বিশ্ববিদ্যালয়ৰ বাবে এবাৰেই নামভৰ্তি আদিও আছে এই শিক্ষানীতিৰ ভিতৰত ৷ 

কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতিৰ দ্বাৰা বন্ধ কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাও ৷ নৱম শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈকে অন্তৰ্ভুক্ত হ’ব উচ্চতৰ মাধ্যমিক শিক্ষাৰ ভিতৰত ৷

তিনিবছৰীয়া স্নাতক ডিগ্ৰীত প্ৰত্যেকটো বৰ্ষ সম্পূৰ্ণ হওঁতে ছাত্ৰ-ছাত্ৰীয়ে পাব ক্ৰমে প্ৰথম বছৰত বছৰৰ সম্পূৰ্ণৰ প্ৰমাণপত্ৰ, দ্বিতীয় বছৰত ডিপ্ল’মা আৰু তৃতীয় বছৰত ডিগ্ৰীৰ প্ৰমাণপত্ৰ ৷

ইয়াৰোপৰি বহুবোৰ পৰিবৰ্তনেৰে দেশৰ শিক্ষাব্যৱস্থাৰ সলনি হ’ব অভাৱনীয় ভাৱে ৷

Your Comments