নলবাৰীৰ ঘোঁঁহকুছিত যুৱ মৰ্চাৰ আহ্বায়ক সমিতি গঠন

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৪ ডিচেম্বৰঃ

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্র কেইমাহমান বাকী থকাৰ সময়তে বিভিন্ন ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ গাঁঁৱে গাঁঁৱে চুবুৰি- চুবুৰিয়ে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে।ভাৰতীয় জনতা পাৰ্টীৰ ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ বড়িগোগ বনভাগ মণ্ডলৰ অন্তৰ্গত ৪৮ নং ঘোহকুছি বুথ সমিতিৰ যুৱ মৰ্চাৰ আহ্বায়ক সমিতিখন ৪ ডিচেম্বৰৰ আবেলি স্থানীয় বাঁঁহবেত প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত হয় । ভাৰতীয় জনতা পাৰ্টীৰ ৪৮ নং ঘোঁঁহকুছি বুথ সমিতিৰ সভাপতি ভাস্কৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে বি জে পি ৪৮ নং ঘোহকুছি বুথৰ সম্পাদক বাবুল কলিতাই।বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চাৰ সভাপতি সুৰেশ কলিতা আৰু ঘোহকুছি গাও সভাৰ সদস্য অকন দাস উপস্থিত থকা সভাখনত জোতিষ দাসক আহ্বায়ক আৰু হৰকান্ত কলিতাক সহ আহ্বায়ক হিচাপে লৈ ৩০ জনীয়া ৪৮ নং ঘোঁঁহকুছি বুথ যুৱ মৰ্চাৰ আহ্বায়ক সমিতিখন গঠন কৰে ।

Your Comments