ভাৰতৰ সুবিধা-অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ব্রহ্মপুত্রত জলবিদ্যুৎ কেন্দ্র নিৰ্মাণ,দাবী চীনৰ

Dam

ইয়াৰলুং জাংব’ৰ লগতে ব্রহ্মপুত্র নদীৰ ওপৰত জলবিদ্যুৎ প্রকল্প পৰিকল্পনাৰ সময়ত নদীপ্রবাহৰ নিম্নভাগত অৱস্থিত ভাৰতবৰ্ষৰ দৰে দেশৰ সকলো সুবিধা-অসুবিধাৰ কথা লক্ষ্যত ৰখা হ’ব বুলি বুধবাৰে ঘোষণা কৰিছে চীনা চৰকাৰে। 

প্রকৃত নিয়ন্ত্রণৰেখা সংলগ্ন তিব্বতৰ ব্রহ্মপুত্র নদীৰ ওপৰত চীনৰ বিশাল জলবিদ্যুৎ প্রকল্প নির্মাণৰ বাবে উত্তৰ-পূর্ব ভাৰতত তীব্র পানীৰ সংকট দেখা দিব পাৰে । প্রশ্নৰ উত্তৰত যোৱা সময়ত নতুন দিল্লীত চীনা দূতাবাসৰ মুখপাত্র জিন ৰং বেইজিঙে বক্তব্যত এইদৰেই ব্যাখ্যা কৰে । 

তেখেতে প্ৰকাশ কৰা অনুসৰি, ‘বর্তমান ইয়াৰলুং জাংব’ নদীৰ নিম্ন অঞ্চলৰ উন্নয়ন প্রকল্প প্রাথমিক চিন্তা-চৰ্চাৰ পর্যায়তে আছে। সেইবাবে এতিয়াই বিশেষ অর্থ সাহাৰ্যৰ  প্রয়োজন নাই। সীমান্ত অতিক্রম কৰা নদীৰ উন্নয়ন আৰু ব্যৱহাৰৰ ক্ষেত্রত চীন সমভাবেই দায়িত্বশীল। চীনৰ নীতিত উন্নয়ন আৰু সুৰক্ষা হাতে হাত ধৰি চলিব ।’

ইয়াৰ আগত যোৱা দেওবাৰে চীনৰ চৰকাৰী সংবাদমাধ্যমে ক্ৰকাশ কৰিছিল, ব্রহ্মপুত্রৰ ওপৰত ‘চুপাৰ ডেম’ নির্মাণৰ কাম আৰম্ভ কৰিছে চীনৰ পাৱাৰ কন্‌ষ্ট্ৰাক্‌চন কর্প’ৰেচন ওৰফে পাৱাৰচাইনাই । যোৱা ১৬ অক্টোবৰত তিব্বত স্বায়ত্তশাসন অঞ্চল প্রশাসনৰ সৈতে সংস্থাৰ এই বিষয়ত এক চুক্তি সম্পাদন হৈছে বুলিও জনাই চীনা সংবাদমাধ্যমে ।

অতীততো ব্রহ্মপুত্রৰ ওপৰত একাধিক সৰু বান্ধ নির্মাণ কৰিছে বেইজিঙে। নতুন প্রকল্পত উৎপাদিত জলবিদ্যুতৰ পৰিমাণ বিশ্বৰ বৃহত্তম জলবিদ্যুৎ উৎপাদনকাৰী প্রকল্প, মধ্য চীনৰ থ্রী গর্জেচ ডেমতকৈ প্রায় তিনি গুণ হ’ব পাৰে বুলি জনাইছে চীনা সংবাদমাধ্যম গ্লোবাল টাইমচে । 

Your Comments