কামৰূপ জিলা পৰিবহণ বিভাগৰ নতুন নিৰ্দেশনা জাৰি:মটৰ বাইকৰ চালকৰ পিছত বহি যোৱাজনেও বাধ্যতামূলকভাৱে পৰিধান কৰিব লাগিব হেলমেট

Pic

কামৰূপ (মহানগৰ) জিলা পৰিবহণ বিভাগে জাৰি কৰিছে কিছুমান নতুন নিৰ্দেশনা ৷ এই নিৰ্দেশসমূহ গুৱাহাটী মহানগৰীত মানি নচলিলে ভৰিব লাগিব জৰিমনা ৷ কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাসে প্ৰকাশ কৰিছে যে গুৱাহাটীত বাইক চালকৰ লগতে  চালকৰ পিছত বহি যোৱা ব্যক্তিয়েও এতিয়াৰে পৰা বাধ্যতামূলকভাৱে পৰিধান কৰিব লাগিব হেলমেট ৷ আৰু এই নিয়ম অমান্য কৰিলে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা ৷ তদুপৰি নিয়ম উলংঘা কৰাজনৰ অনুজ্ঞাপত্ৰও বাতিল কৰা হ’ব ৷ উল্লেখযোগ্য যে এই নিৰ্দেশনা পূৰ্বেও জাৰি কৰা হৈছিল যদিও মহানগৰীৰ অধিকাংশ লোকেই এই নিয়ম উলংঘা কৰিছিল ৷ ইয়াৰোপৰি গুৱাহাটী মহানগৰীৰ চিটি বাছৰ মালিকসকলক ৰোড টেক্স ৩১ ডিচেম্বৰৰ ভিতৰত আদায় দিবলৈ নিৰ্দেশ দিছে পৰিবহণ বিভাগে ৷ এই নিয়ম উলংঘা কৰিলেও জৰিমনা বিহা হ’ব উলংঘাকাৰীক ৷

Your Comments