অসম জাতীয় পৰিষদলৈ কেতিয়া আহিব লুৰীণজ্যোতি গগৈ!সম্পূৰ্ণকৈ পঢ়ক

AJP

অসম জাতীয় পৰিষদৰ ৰাজ্যিক অভিৱৰ্তনৰ দিন ঘোষণা।দুদিনীয়াকৈ ঐতিহাসিক শিৱসাগৰ ব'ৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'ব নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলটোৰ ৰাজ্যিক অভিৱৰ্তনখন।গুৱাহাটী উজানবজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ সংবাদমেলত ঘোষণা এজেপি ৰাজ্যিক আহ্বায়ক ডঃ কৃষ্ণগোপল ভট্টাচাৰ্যৰ।ৰাজ্যিক অভিৱৰ্তনখন সফল কৰি তোলাৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে অভ্যথনা সমিতি।

অভিৱৰ্তনৰ প্ৰথম দিনা পতাকা উত্তোলনৰ পিছতে জাতীয়তাবাদ শীৰ্ষক ৰাজ্যিক ভিত্তিক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব।আলোচনাত অংশগ্ৰহণ কৰিব বিভিন্ন জাতি- জনগোষ্ঠীৰ প্ৰতিনিধিয়ে।ৰাতিলৈ সংবিধানৰ  সম্পূৰ্ণ খচৰাৰ ওপৰত আলোচনা আৰু পূৰ্ণাংগ ৰূপত গ্ৰহণ কৰিব।

"দ্বিতীয় দিনা পুৱা অনুষ্ঠিত হ'ব বিষয়-বাছনি সভা।বিষয়-বাছনি সভাৰ পিছতে দলৰ প্ৰথম ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ'ব।বিয়লি ভাগলৈ সাংস্কৃতিক সমাৰোহ আৰু মুকলি অধিৱেশন অনুষ্ঠিত হোৱাৰ কথা"-ভট্টাচাৰ্যই লগতে কয়।

আনহাতে,আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এজেপি দলত যোগদান কৰাটো নিশ্চিত বুলি ঘোষণা কৰি ভট্টাচাৰ্যই কয়-শিৱসাগৰ অধিৱেশনৰ পূৰ্বেই সকলো কথা চুড়ান্ত হ'ব।তাৰিখ দিন-বাৰ বৰ্তমান ঠিক কৰা নাই।অধিৱেশনৰ পূৰ্বে বহুত মানুহ ছাত্ৰ সন্থা,যুৱ-ছাত্ৰ পৰিষদ আৰু অন্যান্য ক্ষেত্ৰৰ পৰা এজেপি দললৈ আহি আছে।তাৰ বাবে অপেক্ষা কৰক।

Your Comments