১৬-১৭ ডিচেম্বৰত শিৱসাগৰত অসম জাতীয় পৰিষদৰ ৰাজ্যিক অধিৱেশন

AJP

*জাতীয় মহিলা শক্তিৰ ৰাজ্যিক আহ্বায়ক সমিতি গঠন*


অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ ৰাজ্যিক আহ্বায়ক সমিতিখন কুমাৰ ভাস্কৰ নাট্যমন্দিৰত ৩ ডিচেম্বৰত গঠন কৰা হয়। এই সভাখনত বন্তি হাজৰিকা, পুতুলী কায়স্হ, মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী শৰ্মা, ৰঞ্জু বৰা, মামণি চৌধুৰী তালুকদাৰ, মিতালী দিহিংগীয়া বৰুৱা, ৰেস্মা বেগম আৰু মৌচুমী শৰ্মাক সমন্বয়ক হিচাপে লৈ গঠিত ১২৬ জনীয়া ৰাজ্যিক আহ্বায়ক সমিতিখনৰ উপদেষ্টা হিচাপে প্ৰণীতা ডেকা, মামণি তালুকদাৰ দুৱৰা আৰু দিপালী বৰদলৈক দায়িত্ব অৰ্পণ কৰা হয়। অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়কদ্বয় ড. কৃষ্ণগোপাল ভট্টাচাৰ্য, বসন্ত ডেকা আৰু ৰাজ্যিক সমন্বয়কদ্বয় অদীপ কুমাৰ ফুকন আৰু জগদীশ ভূঞাই অংশগ্ৰহণ কৰা অনুষ্ঠানটোত গোলঘাট জিলাৰ খুমটাইৰ শক্তিশালী নেতা,অগপৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক পৱন শইকীয়া,এন পি পি দলৰ যুৱ সংগঠনৰ প্ৰাক্তন ৰাজ্যিক সভাপতি অসীম মল্ল বুজৰবৰুৱা,বেচৰকাৰী কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক শৈলেন দাসৰ লগতে অগপৰ বহুকেইগৰাকী সদ্য প্ৰাক্তন নেতাই অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে। আনহাতে,বৃৃহস্পতিবাৰৰ দিনটোতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী শৰ্মা, কণ্ঠশিল্পী অৰ্চনা কৌশিক, শিখা বৰা, বিশিষ্ট কবি কাকলি বৰদলৈ আৰু অসম সচিবালয়ৰ ন্যায়িক বিভাগৰ অৱসৰপ্ৰাপ্ত সচিৱ প্ৰণীতা ডেকাইও আনুষ্ঠানিকভাৱে দলত যোগদান কৰে।

উল্লেখযোগ্য যে অসম জাতীয় পৰিষদৰ ৰাজ্যিক অধিবেশনখনি অহা ১৬ আৰু ১৭ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হ'ব বুলি আজি জাতীয় পৰিষদৰ শীৰ্ষ নেতৃবৃন্দই সংবাদমেল যোগে ঘোষণা কৰে।

Your Comments