মঙলবাৰৰপৰা সলনি হ’ব টকা ট্রান্সফাৰৰ নিয়ম

Rupees

অনলাইন টকা ট্রান্সফাৰত এতিয়া সকলো অভ্যস্ত । লকডাউনে সেই অভ্যাস অধিক বৃদ্ধি কৰিছে। কিন্তু ডিচেম্বৰৰ প্ৰথম ভাগতে সলনি হৈছে টকা ট্রান্সফাৰৰ কিছু নিয়ম। এই নিয়ম সমূহ সঠিক সময়ত জানি নল’লে সমস্যাৰ সন্মুখীন হ’ব পাৰে।

আৰটিজিএছ বা ৰিয়েল টাইম গ্রছ চেট্‌লমেন্ট পেমেন্টৰ নিয়ম সলনি হৈছে ৷ ৰিজার্ভ বেংক অফ্‌ ইণ্ডিয়াই জনাইছে  ডিচেম্বৰৰ প্ৰথম ভাগৰপৰা আৰটিজিএছ পদ্ধতি পূৰ্ণ গতিত আৰম্ভ হৈ যাব ।

গ্রাহকসকলৰ কথা লক্ষ্যত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি জনাইছে আৰবিআয়ে ৷ ডিচেম্বৰ মাহৰপৰা সপ্তাহৰ সাতদিনেই এই সেৱা পাব । দুই লাখ টকাৰ ওপৰত ট্রেনজেক্‌চনৰ বাবে গ্রাহকসকলে আৰটিজিএছ সেৱা ব্যৱহাৰ কৰিব লাগিব।

Your Comments