উত্তৰ প্ৰদেশত নিষিদ্ধ কৰা হ’ল ধৰ্মঘট

Yogi

দেশ এখনত অন্যায়-অত্যাচাৰ-অবিচাৰে গা কৰি উঠিলে ধৰ্মঘটৰ যোগেদি জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৰ্থাৎ ধৰ্মঘট প্ৰতিবাদৰ এটা মাধ্যম ৷

কিন্তু উত্তৰ প্ৰদেশ চৰকাৰে অত্যাৱশ্যকীয় সেৱা নিয়ন্ত্ৰণ আইনৰ জৰিয়তে সকলো চৰকাৰী বিভাগত ধৰ্মঘট নিষিদ্ধ কৰিছে ৷ 

উত্তৰ প্ৰদেশৰ নিয়োগ আৰু পাৰ্চ'নেল  বিভাগৰ অতিৰিক্ত মুখ্য সচিব মুকুল সিংহলে বুধবাৰে এটা নিৰ্দেশনাৰ যোগে অহা ছমাহলৈ ৰাজ্যখনৰ চৰকাৰী বিভাগসমূহৰ লগতে ক’ৰ্পৰেচন আৰু অন্য সংস্থাসমূহৰ ধৰ্মঘট নিষিদ্ধ কৰিছে ৷

বৃহস্পতিবাৰে ট্ৰেড ইউনিয়নৰ ৰাষ্ট্ৰযোৰা ধৰ্মঘটৰ পূৰ্বে এনে নিৰ্দেশ সেই ধৰ্মঘট ৰোধ কৰাৰ বাবেই দিয়া হৈছিল যে স্পষ্টতঃ চকুত পৰে ৷ অহা ছমাহলৈ ধৰ্মঘট নিষিদ্ধ কৰাৰ কাৰণো জনসাধাৰণৰপৰা কোনো বাধা- প্ৰতিবাদ নোহোৱাকৈ চৰকাৰে নিজৰ মত সাব্যস্ত কৰিব পৰাৰ লক্ষ্য নেকি এয়া?

Your Comments