নলবাৰীৰ সাগৰকুছি-খাতিকুছিত লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ মৃত্যু তিথি পালনৰ  প্ৰস্তুতি

Rameswar Pathak

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৮ নৱেম্বৰঃ 

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সাগৰকুছি-খাতিকুছি চ'কস্থিত দুৰ্গা মন্দিৰ প্ৰাংগনত উত্তৰ-পূব নলবাৰী সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত অহা ১২ ডিচেম্বৰত দিনয়োৰা কাৰ্যসূচীৰে কামৰূপী লোকগীতক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে নিৰলস প্ৰচেষ্টা কৰা সংগীত নাটক একাডেমী বঁটা প্ৰাপক, লোকগীতৰ সম্ৰাট প্ৰয়াত ৰামেশ্বৰ পাঠকৰ ১০ সংখ্যক মৃত্যু তিথি পালনৰ ব‍্যাপক প্ৰস্তুতি চলিছে।লগতে উক্ত অনুষ্ঠানতে ৰামেশ্বৰ পাঠকৰ সহধৰ্মিনী লোকগীত শিৰোমণি গোকুল পাঠক বঁটা প্ৰাপক কামৰূপী লোকগীতৰ স্বনামধন্য শিল্পী ধনদা পাঠকক সম্বৰ্ধনা জনোৱা হ'ব‌।ইতিমধ্যে উক্ত অনুষ্ঠান সুচাৰুভাৱে পৰিচালনা কৰাৰ বাবে খনীন্দ্ৰ কলিতাক সভাপতি,গোবিন্দ কলিতাক কাৰ্যকৰী সভাপতি,কমল দাসক সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে।তদুউপলক্ষে কাৰ্যসূচী অনুসৰি সিদিনা পুৱা পৰিৱেশ নিকাকৰণ কৰা হ'ব।লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰিব পশ্চিম বনভাগ উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ অধ‍্যক্ষা মঞ্জুৰাণী ভূঞাই। ইয়াৰ পিছতে প্ৰতিচ্ছবিত মাল‍্যাৰ্পণ,সমূহীয়া শ্ৰদ্ধাঞ্জলি,শ্বহীদ তৰ্পন।পুৱা ১০ বজাত ৰামেশ্বৰ পাঠকৰ স্মৃতিত লোকগীত অনুষ্ঠান উদ্বোধন কৰিব নলবাৰী জিলা হাইস্কুল শিক্ষক সংস্থাৰ সম্পাদক উমেশ চন্দ্ৰ দাসে।বিয়লি ২ বজাত  সাংস্কৃতিক মহাসভা অসমৰ জীৱনজোৰা সাধনা বঁটা প্ৰাপক আৰু ড: ভূপেন হাজৰিকা বঁটা প্ৰাপক কামৰূপী লোকগীতৰ প্ৰথিতযশা শিল্পী ধনদা পাঠকৰ সম্বৰ্ধনা অনুষ্ঠান।

Your Comments