দেওবাৰে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাত পৰীক্ষাৰ্থীয়ে লগত কি কি নিব লাগিব?

SI Exam

দেওবাৰে অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা।ৰাজ্যৰ মুঠ ১৩০টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব লগা লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব মুঠ ৯০৫৫৮গৰাকী প্ৰাৰ্থী।৫৯৭টা পদৰ বাবে অনুষ্ঠিত হ'ব লগা এছআই লিখিত পৰীক্ষাৰ অনুষ্ঠিত কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ে।

উল্লেখ যে যোৱা ২০ছেপ্টেম্বৰত প্ৰশ্ন কাকত ফাদিলৰ বাবে বাতিল হৈছিল উক্ত পৰীক্ষা।প্ৰশ্নকাকত ফাদিলত জড়িত থকাৰ অভিযোগত চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে ২৪ জনকৈ অভিযুক্তক।

ইফাল,দেওবাৰৰ লিখিত পৰীক্ষাৰ নিয়ম পূৰ্বৰ পৰীক্ষাতকৈ কিছু সাল-সলনি কৰিছে ৰাজ্যিক আৰক্ষীৰ নিযুক্তি ব'ৰ্ডে।পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা প্ৰাৰ্থীৰ সুবিধা হোৱাকৈ প্ৰকাশ কৰিছে নিয়মসমূহ।

দিনৰ ১২বজাৰ পৰা ২ বজালৈ অনুষ্ঠিত হ'ব পৰীক্ষা।প্ৰাৰ্থীয়ে পৰীক্ষা আৰম্ভ হোৱাৰ আঢ়ৈ ঘণ্টাৰ পূৰ্বে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব লাগিব।

কেৱল প্ৰাৰ্থীসকল প্ৰৱেশ কৰিব পাৰিব কেন্দ্ৰত।

প্ৰাৰ্থীয়ে যিকোনো এটা আইডি প্ৰুফৰ অৰিজিনেল   কপি লগত আনিব লাগিব।

তিনিটা ক'লা চিঞাহীৰ কলম, পেঞ্চিল আৰু ইৰেজাৰ,মাক্স লগত ৰাখিব পাৰিব।এডমিট কাৰ্ড পোষ্ট কাৰ্ড চাইজৰ।

মোবাইল ফোন, স্মাৰ্ট ঘড়ী, কেলকুলেটৰ, হেণ্ড বেগ আৰু যিকোনো ইলেকট্ৰ'নিক ডিভাইচ নিব নোৱাৰিব কেন্দ্ৰলৈ।যদি কোনো প্ৰাৰ্থীৰ লগত এইসমূহ পোৱা যায়,তেন্তে সেই প্ৰাৰ্থীগৰাকীক বহিষ্কাৰ কৰা হ'ব।

Your Comments