"এইসকল লোকে এতিয়াৰে পৰা কৰিব নালাগে ক'ভিড টেষ্ট"-ক'লে মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই

Dr.Himanta Biswa Sarma

ক'ৰ'না ভাইৰাছৰ সন্ত্ৰাস চলি থকাৰ সময়তে ৰাজ্য চৰকাৰে পুনৰ যাত্ৰীৰ বাবে আনিছে কিছু শিথিলতা।

বহি:ৰাজ্যৰ কোনো যাত্ৰী অসমলৈ আহিলে যদি তেওঁ নিজ ৰাজ্যত ৭২ ঘন্টাৰ পূৰ্বে ক'ভিড টেষ্ট কৰাই আহে তেন্তে পুনৰ অসমত টেষ্ট কৰাৰ প্ৰয়োজন নাথাকিব।

অসমৰ কোনো ব্যক্তি ২৪ ঘণ্টাৰ ভিতৰত বহিঃৰাজ্যলৈ গৈ যদি পুনৰ ঘূৰি আহে,তেন্তে তেওঁ ক'ৰ'না টেষ্ট কৰাৰ প্ৰয়োজন নাথাকিব।

বহি:ৰাজ্যৰ পৰা অহা ১০ বছৰৰ তলৰ শিশুৰ পিতৃ-মাতৃয়ে যদি টেষ্ট কৰাটো নিবিচাৰে,তেন্তে ক'ভিড পৰীক্ষা নকৰিলেও হ'ব।

চৰকাৰী কামত যদি অসম তথা উত্তৰ-পূবলৈ কোনো লোক আহে,তেন্তে ক'ভিড টেষ্ট নকৰিলেও হ'ব।কেৱল আই কাৰ্ড অথবা উপাযুক্তসকলক অৱগত কৰিলেই হ'ব।

Your Comments