দীপাৱলীৰ প্ৰাকক্ষণত পিঁয়াজৰ মূল্যই আকাশ চুব

Onions

দীপাৱলীৰ আগে আগে পিয়াঁজৰ মূল্য আকাশলংঘী হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে দেশবাসীৰ সমুখত ৷

ইতিমধ্যেই অসমৰ বজাৰত পিঁয়াজৰ মূল্য কিলোত ৮০ টকা পৰ্যন্ত হৈছেগৈ ৷ এতিয়া পুৰণা পিঁয়াজৰ ষ্টক শেষ হ’লেই কিলোত ১০০ টকা হ’বগৈ বুলি আশংকা কৰা হৈছে ৷ যোৱা কিছুদিন পূৰ্বে নাচিকত হোৱা বানৰ কবলত পৰি হাজাৰ বিঘা পিঁয়াজৰ খেতি নষ্ট হোৱাত নাচিকতেই বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য ৷

যিহেতু অসমলৈ পিঁয়াজ নাচিকৰপৰাই আমদানি কৰা হয়,সেয়ে অসমত পিঁয়াজৰ মূল্যই যে ১০০ টকা প্ৰতি কিলো পৰ্যন্ত স্পৰ্শ কৰিবগৈ সেয়া খাটাং হৈ পৰিছে ৷

Your Comments