যমুনা টুডুৰ অৰণ্য ৰক্ষাৰ অবিৰত সংগ্ৰাম...

Jamuna Tudu

যমুনা টুডুৱে ১৯৯৮ চনত বিয়া হৈ জামছেদপুৰৰ বাসিন্দা হোৱাৰ পিছতে আৰম্ভ কৰে অৰণ্য ৰক্ষাৰ যাত্ৰা ৷

প্ৰথমাৱস্থাত মাত্ৰ ৪গৰাকী সতীৰ্থৰে সৈতে হাতত ধেনু-কাড় আৰু পৰম্পৰাগত অন্য অস্ত্ৰ লৈ প্ৰায় ৫০হেক্টৰ মাটিত থকা অৰণ্য ৰক্ষা কৰিবলৈ ওলাই আহিছিল যমুনা ৷ সেই ৪গৰাকী সদস্যাৰ গোটটো বৰ্তমান ২৫-৩০গৰাকী সদস্যাৰে মুঠ ৩০০ দলৰ 'মহিলা বন ৰক্ষণ সমিতি' হ’লগৈ।

Jamuna Tudu

গছৰ চোৰাং ব্যৱসায়ীয়ে বহুবাৰ যমুনাক গুৰুতৰভাৱে আক্ৰমণ কৰাৰ পিছতো হাৰ নামানি আগবাঢ়ি গ’ল যমুনা টুডু ৷

২০১৬চনত ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পোৱা যমুনাই ২০১৯চনত পদ্মশ্ৰী সন্মানৰ বাবে মনোনীত হৈছিল ৷ ২০১৭চনত 'প্ৰথম ১০০গৰাকী মহিলা'ৰ ভিতৰত এগৰাকী হিচাপে ৰাষ্ট্ৰপতি ভৱনত সন্মানিত হোৱাৰ লগতে যমুনাক ভাৰতবৰ্ষক সলনি কৰা ১২গৰাকী মহিলাৰ ভিতৰত এগৰাকী হিচাপেও স্বীকৃতি দিছে নীতি আয়োগে ৷

Your Comments