ভোগবাদ বোলা ডাঙৰ অসুৰটোৰ বিৰুদ্ধে যুঁজাৰ সংকল্প লোৱা হওক...

Consumerism

*Rajkamal Changkakoti/ৰাজকমল চাংকাকতি*

দেশত-ৰাজ্যত পালন কৰা হৈছে দুৰ্গোৎসৱ।ক'ভিড-পৰিস্থিতিৰ বাবে এইবাৰ দুৰ্গোৎসৱত পূৰ্বৰ আড়ম্বৰপূৰ্ণতা নাই যদিও ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে পালন কৰা হৈছে দুৰ্গা পূজা।এই সময়তে এটা কথা মনলৈ আহিছে বছৰে-বছৰে দুৰ্গোৎসৱ পালন কৰি অহা হৈছে যদিও ভাৰতত-অসমত অসুৰৰ উপদ্ৰৱ দেখোন দিনক-দিনে বৃদ্ধি পাইছে!দেৱী দুৰ্গাৰ ভক্ত শান্তিপ্রিয় মানুহখিনি দেখোন বিভিন্ন ধৰণৰ অসুৰৰ অত্যাচাৰত ভয়াৰ্ত-ব্যতিব্যস্ত!দেৱী দুর্গাৰ পূজা প্ৰতিবছৰে কৰি অহা হৈছে যদিও প্ৰতি বছৰে বৃদ্ধি পাই আহিছে নাৰী নিৰ্যাতনৰ ঘটনা।বৃদ্ধি পাই আহিছে ঘৰে-বাহিৰে প্ৰতিটো বয়সৰে নাৰীৰ নিৰাপত্তাহীনতা।
     
       এতিয়া সৰ্বত্ৰ বিয়পি পৰিছে ভোগবাদ।নৈতিকতাৰ প্ৰশ্ন নাই,অনীতি-অনিয়মৰে হ'লেও বিপুল ধনৰ অধিকাৰী হ'ব লাগে।চিনেমা,বিজ্ঞাপন,ইণ্টাৰনেট-সকলোতে নাৰীক ভোগৰ সামগ্ৰী হিচাপে উত্থাপন।বহু মানুহৰ মনত,উঠি অহা চামৰ বহুতৰে মানসিকতাত নাৰীক লৈ গঢ় লৈ উঠিছে পাপ-ভাৱনা।অসংযমী এচামে সংঘটিত কৰিছে ধৰ্ষণ-বলাৎকাৰ।দেশে যেতিয়াৰে পৰা বজাৰকেন্দ্ৰিক বিশ্বায়নী ব্যৱস্থা আঁকোৱালি ল'লে,তেতিয়াৰে পৰা দেশত বাঢ়ি আহিছে কলুষিত মানসিকতাৰ লোকৰ সংখ্যা।১৯৯১ চনৰ পৰা আজিলৈকে সেয়ে দুৰ্নীতি-ভ্ৰষ্টাচাৰ,হত্যা-হিংসা,নাৰী নিৰ্যাতন--সকলোতে সংখ্যাৰ গ্ৰাফডাল ভয়লগাকৈ উৰ্ধমুখী।
       

      এতিয়া অসুৰ সৰ্বত্ৰে।ঋণাত্মক কাম কৰি বিকৃত তৃপ্তি লাভ কৰাৰ অসুৰ-মানসিকতা এতিয়া ভাইৰাছতকৈও তীব্র গতিত বিস্তৃত হ'বলৈ ধৰিছে।ভোগবাদ যেনেকৈ সকলোতে,অসুৰো সকলোতে।দৰাচলতে এতিয়া ভোগবাদেই অসুৰ।যিসকলে সকলো পাইছে,তেওঁলোকৰ যথেষ্টসংখ্যক অনৈতিক ভোগ-বিলাসত উটি-ভাঁহি গৈছে;আনহাতে যিসকলে ভোগবাদী প্ৰতিযোগিতাত পিছ পৰি ৰৈছে,তেওঁলোকৰ একাংশৰ মাজত বাঢ়ি আহিছে নোপোৱাৰ ক্ষোভ-হতাশা।সেই ক্ষোভ-হতাশাই একাংশ লোকক হিংসাপ্ৰৱণ কৰি তুলিছে।যিকোনো উপায়েৰে ধন উপাৰ্জনৰ হেঁপাহে এচাম লোকক,যুৱ-প্ৰজন্মৰ এচামক অপৰাধৰ পথলৈ টানি নিছে।একে সময়তে,মাদকদ্ৰব্যৰ ক্ষয়ংকৰী নিচাৰ মাজলৈ সোমাই গৈছে হতাশাগ্রস্ত যুৱক-যুৱতীৰ এক গৰিষ্ঠসংখ্যক।
       অসুৰ-মানসিকতাৰ বৰ্হিপ্ৰকাশ ক'ত?উদাহৰণ ক'ত?ডাইনী বুলি অভিযুক্ত কৰি উন্মত্ত লোকে যেতিয়া নিৰীহ মহিলাক হত্যা কৰে,সেই হত্যা আসুৰিক মানসিকতাই কৰে।হত্যাকাৰীবোৰ প্ৰকৃততে অসুৰ।যেতিয়াই উৰাবাতৰিৰ বাবে বা অন্য সামান্য কাৰণতে নিমাখিত যুৱকক উগ্ৰ লোকৰ দলে গণপ্ৰহাৰ কৰি হত্যা কৰে,তাতো প্ৰাধান্য আসুৰিক চিন্তা-ভাৱনাৰ।ঘৰুৱা হিংসাত যেতিয়া সুৰাসক্ত পতিয়ে পত্নীৰ ওপৰত নিৰ্মম অত্যাচাৰ চলায়,তেতিয়া সেই স্বামীজনৰ অন্তৰাত্মাত অসুৰেই ভৰ কৰি থাকে।প্ৰতিটো হত্যাকাৰী,দুৰ্বৃত্ত,চোৰ-ডকাইত একো-একোটা অসুৰ,প্ৰৱল ৰূপত থকা আসুৰিক মানসিকতাই সিহঁতক অসুৰ কৰি তোলে।আনহাতে,ব্যাখ্যাৰ প্ৰয়োজন নাই প্ৰতিটো বলাৎকাৰী অপৰাধী অসুৰৰে ৰূপ।
       
        দেশত যদিও আসুৰিক প্ৰবৃত্তিৰ লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই আহিছে,এতিয়াও তেনে লোকৰ সংখ্যা সততা আৰু নীতিনিষ্ঠ জীৱনত বিশ্বাসী লোকতকৈ যথেষ্ট কম।এই ভোগবাদে চানি ধৰাৰ সময়তো এতিয়াও ভাৰতত-অসমত অধিকাংশ লোকে গাঁৱে-চহৰে আধ্যত্মিক মানসিকতাৰে নৈতিক মূল্যবোধৰ জীৱন অতিবাহিত কৰি আছে।এনে লোকসকলে জীৱনত যি পাইছে তাকে সন্তুষ্ট মনেৰে গ্ৰহণ কৰিছে,উচ্চাকাংক্ষাৰ ভাৱনাত উটি-ভাঁহি ফুৰা নাই।কিন্তু,অসুৰ-মানসিকতাৰ কমসংখ্যক লোকৰ দপদপনি তৎস্বত্বেও সমাজত বাঢ়িবলৈ ধৰিছে।ইয়াৰ কাৰণটো কি? কাৰণটো এয়ে যে কমসংখ্যক অসুৰ প্ৰবৃত্তিৰ দুস্কৃতিকাৰীয়ে
দুৰ্নীতি-অনিয়ম,অপৰাধ সংঘটিত কৰিবলৈ ভয়-ভীত নকৰে,কিন্তু শান্তিপ্রিয় নীতিনিষ্ঠ মানুহখিনিয়ে তেনে দুস্কৃতিৰ প্ৰতিবাদ কৰিবলৈ সংকোচ কৰে।সৎ-সংস্কৃতিৱান মানুহখিনিয়ে ভাবে যে দুৰ্বৃত্তৰ অপৰাধ-দুস্কৃতিৰ প্ৰতিবাদ কৰিলে দুৰ্বৃত্তখিনিয়ে তেওঁলোকৰ শান্তিপূৰ্ণ জীৱন-যাত্ৰাত আউল লগাই দিব।কিন্তু, সমাজৰ অধিকাংশ সৎ আৰু শুভবুদ্ধিসম্পন্ন নাগৰিকসকলে এনেদৰে চিন্তা কৰি থাকোতেই সততাত বিশ্বাসী নাগৰিকসকলৰ জীৱনত ইতিমধ্যে দুৰ্বৃত্তই কম-বেছি পৰিমাণে বিঘিনিৰ সৃষ্টি কৰিছে।সবল প্ৰতিৰোধৰ সন্মুখীন নোহোৱাৰ বাবে আসুৰিক মানসিকতাৰ মানুহখিনিৰ সাহস বাঢ়ি গৈছে,নতুন নতুন অপৰাধ সংঘটিত কৰিবলৈ ধৰিছে।

Surface Devi
       
        ২০২০ বৰ্ষৰ দুৰ্গা পূজাত আমাৰ চৌপাশে বিচৰণ কৰি ফুৰা,আমি ভালকৈ চিনিও পোৱা অসুৰবোৰৰ বিৰুদ্ধে যুঁজিবলৈ সকল্প লোৱা হওক।দুস্কৃতিকাৰীৰ বিৰুদ্ধে প্ৰৱল প্ৰতিৰোধ গঢ়িবলৈ দেৱী আৰাধনা কৰি মানসিকভাৱে সবল হওক প্ৰতিগৰাকী সৎ নাগৰিক।মানুহৰ নৈতিক মূল্যবোধক ক্ৰমশঃ ক্ষয় কৰি অনা ভোগবাদ বোলা ডাঙৰ অসুৰটোৰ বিৰুদ্ধে তাত্ত্বিকভাৱে-নীতিগতভাৱে যুঁজ দিয়াৰ বাবেও সকলোৱে নিজকে প্ৰস্তুত কৰক,অন্যথা বিধ্বস্ত হৈ পৰিব গৌৰৱময় ভাৰতীয় কৃষ্টি-সংস্কৃতি-সামাজিক বিচাৰ।প্ৰতিগৰাকী নীতিনিষ্ঠ নাগৰিকে উপলব্ধি কৰক দুস্কৃতিকাৰীক প্ৰতিৰোধ কৰিবলৈ সমাজখন সমন্বিতভাৱে ওলাই নাহিলে,ভাৰতত-অসমত নাৰী সুৰক্ষিত নহয়।কেৱল আইন-আদালতে নাৰীক সুৰক্ষা দিবলৈ নোৱাৰে।

Your Comments