সীমান্তত নিয়োজিত জোৱানসকলৰ বাবে বিজয়া দশমীত এগছিকৈ বন্তি প্ৰজ্জ্বলন কৰক-প্ৰধানমন্ত্ৰী মোডী

PM Modi

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'মন কি বাত' অনুষ্ঠানৰ জড়িয়তে দেশবাসীক সম্বোধন কৰে।মন কি বাতত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক বিজয়া দশমীৰ শুভেচ্ছা জনায়।প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ক'ৰ'না সংকট-কালত সংযমী আৰু সতৰ্ক হৈ উৎসৱ উদযাপন কৰা প্ৰয়োজন।উৎসৱৰ বজাৰ কৰোঁতে সদায় ভাৰতত উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনায়।উৎসৱৰ সময়তো সীমান্তত দেশ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থকা সৈনিকসকলৰ কল্যাণৰ বাবে এগছিকৈ বন্তি প্ৰজ্জ্বলন কৰিবলয়ো প্ৰধানমন্ত্ৰী মোডীয়ে আহ্বান জনায়।

Your Comments