অসম-মিজোৰাম সীমা বিবাদৰ মীমাংসা কৰিবলৈ তৎপৰ কেন্দ্ৰ

Home ministry

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব (উত্তৰ-পূব) সত্যেন্দ্ৰ গাৰ্গে উল্লেখ কৰে যে অসম-মিজোৰাম সীমা বিবাদৰ অন্ত পেলাবলৈ    কেন্দ্ৰ বদ্ধপৰিকৰ।এই ক্ষেত্ৰত ২০২১চনৰ মাৰ্চৰ ভিতৰত সিদ্ধান্তলৈ আহিব বুলি মন্তব্য কৰে গাৰ্গে।

Garg

 

২২ অক্টোবৰ তাৰিখে দিনজোৰা মিজোৰাম  ভ্ৰমণ কাৰ্যসূচীত ৰাজ্যপাল পি.এছ.শ্ৰীধৰন পিল্লাই,মুখ্যমন্ত্ৰী জ’ৰামথাংগাক ৰাজ্যিক মুখ্য সচিব লেনানমাউইৱা চুৱাউংগ’ আৰু অন্যান্য নাগৰিক সমাজৰ সংস্থাসমূহৰ লগত সীমান্ত সমস্যাৰ বিষয়ে আলোচনা কৰে গাৰ্গে।

আলোচনাৰ অন্তত গাৰ্গে জনাই যে অসম-মিজোৰাম সীমা বিবাদৰ স্থায়ীভাৱে অন্ত পেলোৱাৰ ক্ষেত্ৰত কেন্দ্ৰ উৎসাহী আৰু আশাবাদী ৷

Your Comments