বিহাৰত পুনৰ নীতিশ কুমাৰৰ নেতৃত্বত  জেডিইউ-বিজেপিৰ চৰকাৰ:এবিপি নিউজ-চি ভোটাৰৰ জনমত সমীক্ষা

Nitish Kumar

বিহাৰত পুনৰ নীতিশ কুমাৰৰ নেতৃত্বত এনডিএৰ চৰকাৰ।পুনৰ জেডিইউ আৰু বিজেপিয়ে গঠন কৰিব চৰকাৰ।২৮ অক্টোবৰত বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এবিপি নিউজ আৰু চি ভোটাৰৰ ২৪ অক্টোবৰত প্ৰকাশ পোৱা জনমত সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে।এই সমীক্ষা মতে এনডিএ(জেডিইউ আৰু বিজেপি)ই ১৩৫-১৫৯ খন আসন আৰু আৰজেডি-কংগ্ৰেছ আদিৰ জোঁট বন্ধনে ৭৭-৯৮ খন আসন পাব।চিৰাগ পাছোৱান নেতৃত্বাধীন এলজেপিয়ে ১-৫ খন আসন আৰু অন্যই পাব ৪-৮ খন আসন।

Your Comments