নীলম সিং:মুম্বাইৰ এইগৰাকী সাহসী মহিলাৰ বিষয়ে জানো আহক

Nilam Singh

যি সময়ত বহু ঠাইত এগৰাকী মহিলাক ভয় কৰিবলৈ শিকোৱা হয় সমাজ ব্যৱস্থা আৰু সমাজৰ অৱস্থালৈ,সেই সময়তে মুম্বাইৰ নীলম সিং নামৰ মহিলাগৰাকীয়ে ১৮ বছৰ কাল স্কুলবাছ চলাই পৰিয়াল পোহপাল দি আহিছে।

Nilam Singh 

কেৱল সেয়াই নহয়,ক’ভিড-১৯ মহামাৰীৰ বাবে বিদ্যালয়সমূহ বন্ধ থকাৰ বাবে সেই স্কুলবাছেৰে নিজৰ জীৱনকো তুচ্ছ কৰি ক’ভিড-১৯ ৰোগীসকলৰ অনা-নিয়াৰ দায়িত্বও লৈছিল এই গৰাকী সাহসী মহিলাই ৷

উল্লেখযোগ্য যে এম্বুলেন্সৰ সংখ্যা কম হোৱাৰ বাবে চৰকাৰী সিদ্ধান্ত লোৱা হৈছিল যে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অনা-নিয়া কৰা বাছসমূহ চিকিৎসালয়লৈ ক’ভিড ৰোগী অনা-নিয়াৰ কামত নিয়োগ কৰা হ’ব ৷

Nilam Singh

ভাৰতবৰ্ষৰ অন্যতম ক’ভিড প্ৰভাৱিত চহৰ মুম্বাইত এই দায়িত্ব পালন কিমান ভয়ংকৰ হ’ব পাৰে জানিও নীলম সিং কৰ্মত অৱতীৰ্ণ হৈছিল আৰু দায়িত্ব পালনৰ সময়ত তেওঁলৈও সংক্ৰমিত হৈছিল এই ৰোগ ৷

বৰ্তমান সুস্থ হৈ উঠা নীলম নামৰ এই সাহসী মহিলাগৰাকীয়ে দায়িত্ব এৰাৰ কথা নাভাবি পুনৰ সাজু হৈছে নিজৰ কৰ্মক্ষেত্ৰলৈ ঘূৰি যাবলৈ।

Your Comments