এইবাৰ গামোচা বিতৰ্কত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী 

Minister

অসমীয়া জনজীৱনৰ অপৰিহাৰ্য অংগ গামোচা,চেলেঙৰ ব্যৱহাৰক লৈ প্ৰায়ে বিতৰ্ক হৈ থাকে ৷ 

বদৰুদ্দিন আজমলৰ গামোচাত বহি বিতৰ্ক কৰাৰপৰা আৰম্ভ কৰি মাজুলীত কোনোবা অসমীয়া পৰিয়ালে ঈদত পৰিয়ালৰ ওচৰলৈ যাব নোৱাৰাৰ বাবে নিজ ঘৰত ইফ্‌টাৰৰ ব্যৱস্থা কৰি চেলেং পাৰি দিয়া লৈ।কোনোবাই ভাল বুলিছে যদি কোনোবাই বেয়া বুলিছে।

Minister

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে গামোচা বা চেলেঙৰ সন্মানক লৈ প্ৰায়ে সৰৱ হৈ থকা বিজেপি দলৰ নেতা চন্দ্ৰমোহন পাটোৱাৰী সাঙোৰ খাই পৰিল গামোচা বিতৰ্কত।

দেওবাৰে নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত বৰনৰ্দ্দী গাঁও পঞ্চায়ত এলেকাত উন্নয়ন আঁচনিৰ আধাৰশিলা উদ্বোধনী কাৰ্যসূচীত যোগদান কৰিবলৈ যাওঁতে এই ঘটনা ঘটে।

পিছে এইবাৰ অসমীয়াৰ স্বাভিমান গামোচাক লৈ সচেতন বিজেপি দলৰ অসম শাখাৰ বক্তব্য কি হ’ব?

Your Comments