দৈনিক ক'ৰ'না আক্ৰান্তৰ সংখ্যাত ভাৰতক চেৰ পেলালে আমেৰিকাই 

Corona

ভাৰতত দৈনিক ক’ৰ'না আক্ৰান্তৰ সংখ্যা বৰ্তমান কিছু হ্ৰাস পাইছে যদিও অদ্যাপি দৈনিক ৫৫-৬৫ হাজাৰ লোক আক্ৰান্ত হৈ আছে ৷ প্ৰায় দুমাহ পৃথিৱীৰ ভিতৰতে ভাৰততেই দৈনিক আক্ৰান্তৰ সংখ্যা বেছি আছিল যদিও এতিয়া আশ্চৰ্যজনকভাৱে আমেৰিকাই ভাৰতক চেৰ পেলাই শীৰ্ষস্থানত উপনীত হৈছে ৷ 

যোৱা দুটা দিনত ভাৰতত ক্ৰমে ৬৪২৩৭ আৰু ৬২৫৮৭ জন লোক আক্ৰান্ত হোৱাৰ পৰিৱৰ্তে আমেৰিকাত আক্ৰান্ত হয় ক্ৰমে ৬৬১৩৩ আৰু ৭১৬৮৭ জন লোক ।

আমেৰিকাত এতিয়া ক'ৰ'না সংক্ৰমণৰ দ্বিতীয়টো ঢৌ আৰম্ভ হৈছে ৷ বৰ্তমান ভাৰতত ৭.৫ নিযুত লোক আক্ৰান্ত হৈ থকাৰ বিপৰীতে আমেৰিকাত ইয়াৰ সংখ্যা ৮.৩ নিযুত লোক ৷ আশংকা কৰা হৈছে যে আমেৰিকাত অহা দিনকেইটাত দৈনিক আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পাব ৷

Your Comments