কলম্বিয়াত শিশুৰ বাবে ক’ভিড সুৰক্ষিত হেলমেট

Special Helmet

ক’ভিডৰ সন্ত্ৰাসৰ সময়ত বাকীবোৰ সমস্যাৰ কথা ভাবোতে সচৰাচৰ বাদ পৰি ৰয় ঘৰত বন্দী হ’ব লগা হোৱা খেলা-ধূলা কৰি দৌৰি-ধাপৰি ভালপোৱা শিশুসকলৰ বিষয়টো ৷

কিন্তু কলম্বিয়াৰ এটা বিজ্ঞানীৰ দলৰ মনলৈ কাৰো মনলৈ নহা অআলোচিত কিন্তু প্ৰয়োজনীয় এই বিষয়টো আহিল ৷ সেই বিজ্ঞানীৰ দলটোৱে শিশুসকলৰ ক’ভিড সংক্ৰমণ হ’ব নোৱাৰা এনে এটা হেলমেট সাজি উলিয়ালে, ই দেখাত সাইলাখ মহাকাশচাৰীয়ে পিন্ধা হেলমেটটোৰ দৰেই ৷ এই হেলমেট পৰিধান কৰিলে শিশুসকল সুৰক্ষিত হৈ থাকিব ৷

বৰ্তমান দেশখনৰ বহুকেইখন শিশু উদ্যানে এই হেলমেটৰ প্ৰয়োগেৰে উদ্যানসমূহ কণকণহঁতৰ বাবে মুকলি কৰিছে ৷ বহু শিশু উদ্যানসমূহলৈ আহিছে আৰু মন-প্ৰাণ খুলি খেলিছে ৷

Your Comments