ঘগ্ৰাপাৰৰ দিহজাৰী গাঁঁও পঞ্চায়তত অৰুণোদয় আচনিক লৈ উত্তপ্ত পৰিৱেশ 

*শতাধিক মহিলাই ঘেৰাও কৰিলে পঞ্চায়ত  কাৰ্য্যালয়*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

পৰিৱৰ্ত্তনৰ শ্লোগানেৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰে বিধৱা,শাৰিৰীকভাৱে অক্ষম,অবিবাহিত আৰু দৰিদ্ৰ  মহিলাৰ বাবে ৰূপায়ন কৰা অৰুণোদয় আঁঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত হোৱা স্বজন তোষনৰ বিৰুদ্ধে।১৫ অক্টোবৰত দিনৰ ভাগত ১৫ নং দিহজাৰী গাওঁ পঞ্চায়ত কাৰ্য্যলয়ত এক উত্তপ্ত  পৰিৱেশৰ সৃষ্টি হয় । এই আঁঁচনিত হিতাধীকাৰী বাচনিত ব্য‍াপক খেলিমেলি হোৱাৰ অভিযোগ তুলি বৃহত্তৰ সাগৰকুছি সচেতন মহিলা সমাজৰ উদ্যোগত দিনৰ ভাগত সাগৰকুছি বৰ নামঘৰ প্ৰাংগনৰ পৰা ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ  অন্তৰ্গত ১৫ নং দিহজাৰী গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়লৈ শতাধিক মহিলাই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বন্ধ কৰক , অৰুণোদয় আচনি বন্ধ কৰক , বিজেপি গো বেক আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদী সমদল কৰি পঞ্চায়ত কাৰ্য্যালয় ঘেৰাও কৰে । প্ৰতিবাদীসকলে অভিযোগ কৰে যে অৰুণোদয় আঁঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত গাৱে গাৱে বুথ কমিটীৰ সভাপতিসকলে ৫০ - ১৫০ টকালৈকে লৈ  হিতাধিকাৰীৰ ফৰ্মত চহী কৰিবলৈ দিয়ে আৰু বিজেপিৰ সভাত উপস্থিত নথকা মহিলাক হিতাধিকাৰী হিচাপে নিৰ্বাচন কৰিব নোৱাৰে বুলি বুথ সমিতিৰ সভাপতিসকলে অৱগত কৰে। উক্ত  কাৰ্য্যসূচীত সমবেত মহিলাসকলৰ সন্মূখত  প্ৰতিবাদী ভাষণ প্ৰদান কৰে ১৫ নং দিহজাৰী গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি সনাতন বৈশ্য,প্ৰাক্তন আঞ্চলিক সদস্যা  কবিতা ডেকা,সচেতন মহিলা দিপ্তী ডেকাই । এই প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত  থাকে প্ৰাক্তন গাওঁ সদস্য শনিৰাম বৈশ্য,বাঁঁওপন্থী নেতা লক্ষী কলিতা,যুৱ নেতা ফণীধৰ কলিতাকে ধৰি বিভিন্নজন।

Your Comments