ৰামদিয়া আদৰ্শ প্ৰাঃবিঃত আলোচনী 'ফেহুজালি' উন্মোচন

হাজো

হাজোৰ পৰা কমলাকান্ত দাস:

হাজো প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে লিখা আলোচনী 'ফেহুজালি' বৃহস্পতিবাৰে উন্মোচন কৰা হয়।উন্মোচন কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা জিলা মিছন সমন্বয়ক অপূৰ্ব ঠাকুৰীয়াই।এই উদ্দেশ্য আজি বিয়লি তিনি বজাত বিদ্যালয় প্ৰাঙ্গণত এখনি সভা অনুষ্ঠিত হয়।ছহিদ খগেন ভৰালী গাঁও পঞ্চায়তৰ সভানেত্ৰী দিপাঞ্জলী ভৰালীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত 'ফেহুজালি' উন্মোচন কৰি শিক্ষা বিষয়া ঠাকুৰীয়াই  বৰ্তমান ক'ভিডৰ প্ৰতিকূল পৰিস্থিতিৰ মাজতো ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন বিকাশ আৰু উন্নতিৰ বাবে সদায় ব্যস্ত থকা প্ৰধান শিক্ষয়িত্ৰী সৰস্বতী দত্ত আৰু সহকাৰী শিক্ষকসকলৰ লগতে আলোচনীখনৰ লগত জড়িতসকলক প্ৰশংসা কৰে।তেওঁ কয় যে এনে হাতে লিখা আলোচনীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে লিখা আৰু পঢ়াৰ অভ্যাস গঢ়ি তুলি সকলো দিশতে আগবাঢ়ি যাবলৈ প্ৰেৰণা আৰু উৎসাহ পাব।এই ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱকসকলৰো দায়িত্ব আছে।শিক্ষক-অভিভাৱকসকলৰ দৰে পৰিচালনা সমিতিয়েও সকলো দিশত গুৰুত্ব দিলেহে ছাত্ৰ -ছাত্ৰীসকলৰ মানসিক উৎকৰ্ষ সাধন হ'ব।অনুষ্ঠানত ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য বিপুল দাসে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এনে কাৰ্যই ছাত্ৰ-ছাত্ৰীসকলৰ মনোবল বৃদ্ধি কৰিব।অনুষ্ঠানত হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জোনালী পাঠক,জিলা আঁঁচনি বিষয়াদ্বয় ফুলপাহি নাথ,ছুইটী বেজবৰুৱাই ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাৰ সমান্তৰালভাৱে যোগ সাধনা কৰিবলৈ আহ্বান জনায়।অনুষ্ঠানত শিক্ষক ৰমেন কলিতা,পদুমী পাঠক,প্ৰতিভা চৌধুৰীয়েও ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগায়। এই অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীসকলে নৃত্য,গীত,আবৃত্তি কৰাৰ লগতে প্ৰধান শিক্ষয়িত্ৰী সৰস্বতী দত্তৰ ৰচনা আৰু পৰিচালনাত ক'ভিড বিষয়ত 'আই অসমী' নামৰ এখন নাট মঞ্চস্থ কৰি উপস্থিত সকলোকে আকৰ্ষিত কৰে।সভাৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলে কাগজেৰে তৈয়াৰ কৰা একোটিকৈ সামগ্ৰী উপস্থিত অতিথিসকলক প্ৰদান কৰে।

Your Comments