বৰবৰীত অভিনেতা শংকৰ চক্ৰৱৰ্তীৰ স্মৃতিচাৰণ সভা সম্পন্ন

Barbari

*"সকলো চৰিত্ৰৰ মাজত অতি সহজতে সোমাই পৰিছিল শিল্পী শংকৰ”-অভিজিত ভট্টাচাৰ্য

*পত্নী বৰ্ণালীক চৰকাৰী সংস্থাপনৰ দাবী শিল্পী - শুভাকাংক্ষীৰ*

 #দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৪ অক্টোবৰঃ
 

"শংকৰ চক্ৰৱৰ্তীৰ দৰে অভিনেতা সাধাৰণতে বিচাৰি পোৱাটো কঠিন।স্বাভাৱিক অভিনেতাগৰাকী সকলো চৰিত্ৰৰ মাজত সোমাই পৰিছিল অতি সহজতে।"বুুধবাৰে নলবাৰীৰ বৰবৰীত সদ্যপ্ৰয়াত অভিনেতা শংকৰ চক্ৰৱৰ্তীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট নাট্যকাৰ তথা পৰিচালক অভিজিত ভট্টাচাৰ্যই এই মন্তব্য কৰে।বৰবৰী থান উন্নয়ন সমিতি আৰু ভ্ৰাম্যমাণ থিয়েটাৰ অভিনয় শিল্পী সন্থাৰ যৌথ উদ্যোগত আয়োজন কৰা সভাত ভাষণ প্ৰসংগত শংকৰৰ পত্নী বৰ্ণালীৰ জীৱিকাৰ নিশ্চিতকৰণৰ দাবী উত্থাপন কৰি ক্ষোভ প্ৰকাশৰে কয়,‘ভ্ৰাম্যমাণ থিয়েটাৰৰ বহু ভাল শিল্পী কেৰিয়াৰ সচেতন নহয় । শংকৰ, পৰাগ আদি তাৰেই উদাহৰণ।ইয়াৰ ফল ভোগ কৰিব লাগে দুৰ্ভগীয়া পৰিয়ালটোৱে।’থান উন্নয়ন সমিতিৰ সভাপতি মনোৰঞ্জন চক্ৰৱৰ্তীয়ে সভাপতিত্ব কৰা আৰু সম্পাদক প্ৰদীপ ভট্টাচাৰ্য্যই উদ্দেশ্য বাখ্যা কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত উপস্থিত থাকি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি,নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই স্বভাৱসিদ্ধ আধ্যাত্মিক ভাৱাদৰ্শৰে ভাষণ প্ৰদান কৰি কয়-“অসীম অনন্তত, চিন্ময় জগতত বিলীন হৈ যোৱা শিল্পী শংকৰ শত -সহস্ৰজনৰ মন মণিকূটত চিৰস্মৰণীয় হৈ ৰ’ব।"স্বকীয় কৰ্মৰ মাজেৰে বৰবৰীলৈ কঢ়িয়াই অনা গৌৰৱ আনন্দৰ অশ্ৰু কণা হৈ ৰ’ব বুলিও শৰ্মাই মন্তব্য কৰে।সাংস্কৃতিক প্ৰতিবেদক অপূৰ্ব তালুকদাৰ আৰু চন্দন চক্ৰৱৰ্তীয়ে আঁত ধৰা অনুষ্ঠানটোত জনপ্ৰিয় কৌতুক অভিনেতা মন্মথ বৰুৱাই শংকৰক ভ্ৰাম্যমাণৰ আদৰ্শ শিল্পী বুলি মন্তব্য কৰে।নলবাৰী জিলা ছাত্র সন্থাৰ সম্পাদক অক্ষয় ডেকাই গভীৰ শোক প্ৰকাশৰে কয় যে নলবাৰীবাসীয়ে এক উজ্জ্বল সম্ভাৱনা হেৰুৱালে।সভাত গুৱাহাটী এচ বি দেওৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জ্ঞানেন্দ্ৰ কলিতাই সম্ভাৱনা থকা প্ৰতিভাধৰ অভিনেতা শংকৰ চক্ৰৱৰ্তীৰ স্মৃতি ৰোমন্থন কৰে।সভাত সমাজকৰ্মী বশিষ্ঠ তালুকদাৰৰ উপৰি ভালেকেইজন অভিনয় শিল্পী আৰু বিশিষ্ট ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে।উল্লেখ্য যে স্মৃতিচাৰণ সভাৰ পূৰ্বে প্ৰয়াত অভিনেতা শংকৰ চক্ৰৱৰ্তীৰ মাতৃ ৰেণুপ্ৰভা দেৱী আৰু পত্নী বৰ্ণালী মহন্তই প্ৰতিচ্ছবিত মালা অৰ্পণ কৰাৰ উপৰি উপস্থিত শিল্পী আৰু ৰাইজে শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰে।ইয়াৰ পূৰ্বে পুুৱাৰ ভাগত বসন্ত কলিতাই ভাগৱত পাঠ কৰে।সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্বলন আৰু নামকীৰ্তন অনুষ্ঠিত কৰা হয়।উল্লেখ্য যে যোৱা ১৭ চেপ্তেম্বৰত নিউম’নিয়া আৰু যকৃতৰ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে অভিনেতাগৰাকী ক’ভিড-১৯ত আক্ৰান্ত হৈছিল আৰু ৩ অক্টোবৰত ইহসংসাৰ ত্যাগ কৰিছিল।

Your Comments