৩০ ছেপ্টেম্বৰত ঘোষণা কৰা হ'ব কৃষক মুক্তিসহ ৭০ সংগঠনৰ ৰাজনৈতিক দল

কৃষক মুক্তি

অহা ৩০ ছেপ্টেম্বৰত ঘোষণা কৰা হ'ব কৃষক মুক্তিসহ 'কা' বিৰোধী ৭০ সংগঠনৰ আঞ্চলিক দল।মঙলবাৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ গুৱাহাটীৰ কাৰ্যালয়ত ৭০ সংগঠনৰ নেতৃত্বৰে অনুষ্ঠিত হৈছিল এখন গুৰুত্বপূৰ্ণ বৈঠক।উক্ত বৈঠকত গ্ৰহণ কৰা হয় নতুন ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত।

উল্লেখ যে বৈঠকৰ সিদ্ধান্ত অনুসৰি বিজেপি চৰকাৰক উৎখাত কৰাৰ বাবে আৰু কংগ্ৰেছ-এআইইউডিএফক প্রতিহত কৰাৰ অর্থে ৭০ সংগঠনৰ প্ৰতিনিধিৰে গঠন কৰা হ'ব এখন আহ্বায়ক সমিতি।উক্ত সমিতিয়ে অহা ৩০ ছেপ্টেম্বৰত ঘোষণা কৰিব আঞ্চলিক দলটোৰ নাম আৰু ইয়াৰ লগত জড়িত বিষয়সমূহ।

গুৰুত্বপূৰ্ণ যে সকলো আঞ্চলিক শক্তি একেখন ৰাজনৈতিক মঞ্চত থিয় হৈ বিজেপিক উৎখাত কৰা সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়।

Your Comments