আন্ত:ৰাষ্ট্ৰীয় ক্রিকেটক বিদায় জনালে মহেন্দ্ৰ সিং ধোনীয়ে

M S Dhoni

দেশৰ ক্ৰিকেটপ্ৰেমীৰ বাবে দুখৰ খবৰ। দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় ক্রিকেটক বিদায় জনালে প্ৰাক্তন ভাৰতীয় অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে।ইনষ্টাগ্ৰামত এটা পোষ্ট দি অৱসৰৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ভাৰতীয় তাৰকা উইকেটকিপাৰ বেটছমেনগৰাকীয়ে।

উল্লেখ যে ২০০৪ চনৰ ২৩ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ অভিষেক ঘটাইছিল এম এছ ধোনীয়ে।বিগত ১৬ বছৰ ধৰি ভাৰতীয় ক্রিকেট দলৰ সৈতে সংযুক্ত হৈ আছিল ৩৯ বছৰীয়া ধোনী।

ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী সফল অধিনায়ক আছিল ধোনী।২০০৭ চনত ধোনীৰ নেতৃত্বতে ভাৰতে টী-২০ বিশ্বকাপ দখল কৰিছিল।ইয়াৰ পিছতে ২০১১ চনত আইচিচি এদিনীয়া বিশ্বকাপ,২০১৩ চনত চেম্পিয়নছ ট্ৰফী দখল কৰিছিল।

ঝাৰখণ্ডৰ ক্ৰিকেটাৰগৰাকীয়ে দেশৰ হৈ ৯০ খন টেষ্ট খেলি ৪৮৭৬ ৰান সমগ্ৰ কৰিছিল।য'ত আছে ৬ টা শতক আৰু ৩৩ টা অৰ্ধশতক।

একেদৰে দেশৰ হৈ ৩৫০খন এদিনীয়া ক্রিকেটত অংশগ্ৰহণ কৰি ১০,৭৭৩ৰান সংগ্ৰহ কৰিছে।য'ত আছে ১০টা শতক আৰু ৭৩টা অৰ্ধশতক।

ইয়াৰ উপৰিও দেশৰ হৈ ৯৮ খন টী-২০ খেলত অৱতীৰ্ণ হৈ ১,৬১৭ ৰান সংগ্ৰহ কৰিছে।য'ত আছে দুটা অৰ্ধশতক।

Your Comments